...

বিলাসীপাৰাত চোৰৰ টাৰ্গেট ?

বিলাসীপাৰাত চোৰৰ টাৰ্গেট ?

চাইন অন ডেস্ক,২৫মে’:

বিলাসীপাৰাৰ উদমাৰী মা কামাখ্যা মন্দিৰত যোৱা নিশা চোৰৰ দলে এফালৰ পৰা ছাফাই অভিযান চলায়।
মন্দিৰটোৰ মুল দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি মা’ৰ সোন ৰূপৰ আ-অলংকাৰ লুট কৰাৰ লগতে মুল্যৱান বাচন বৰ্তনো লৈ যায়।
আজি নিত্য পুজাৰীয়ে মন্দিৰত পুজা দিবলৈ আহিয়ে চুৰিকাণ্ডৰ বিষয়টো পোহৰলৈ আহে।
চুৰি হোৱাৰ খবৰ পাই গাওঁবাসীয়ে মন্দিৰত উপস্থিতহৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
চুবুৰীখনৰ ঐতিহ্যমণ্ডিত তথা একমাত্ৰ উপসনাথলীত সংঘটিত চুৰিকাণ্ডকলৈ ভক্তপ্ৰাণ ৰাইজক হতাশ কৰি তুলিছে।
মন্দিৰটোত লক্ষীগঞ্জ আৰক্ষীয়ে উপস্থিতহৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও কোনো শুংসুত্ৰ উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে।চুৰিকাণ্ডটোত জড়িত সকলক শীঘ্ৰে কৰায়ত্ব কৰাৰ লগতে চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজে দাবী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *