...

ডিব্ৰুগড়ত পাইপ গেছ যোগান বন্ধ ?

ডিব্ৰুগড়ত পাইপ গেছ যোগান বন্ধ ?

২৫ মে’ত স্থগিত ৰখা হ’ব প্ৰাকৃতিক গেছ যোগান

চাইন অন ডেস্ক,২৪ মে’:

অসম গেছ কোম্পানী লিমিটেডে ২৫ মে’ৰ পুৱা ৮:০০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ ডিব্ৰুগড় অঞ্চলত পাইপেৰে প্ৰাকৃতিক গেছ যোগান সাময়িকভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।অইল ইণ্ডিয়া লিমিটেডৰ জৰুৰীকালীন পাইপলাইনৰ কামৰ বাবেই এই অসুবিধা হৈছে বুলি এক বিজ্ঞপ্তিত প্ৰকাশ। ফলত ডিব্ৰুগড় অঞ্চলত গেছ যোগান বাধাগ্ৰস্ত হৈ থাকিব। যাৰ ফলত ডিব্ৰুগড় চহৰ, চাবুৱা আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহৰ গ্ৰাহকে (ঘৰুৱা,বাণিজ্যিক)
এই সুবিধাৰ পৰা সাময়িকভাৱে বঞ্চিত হব।বিজ্ঞপ্তি অনুসৰি এই সময়ছোৱাত গ্ৰাহকসকলক প্ৰয়োজনীয় বিকল্প ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।এজিচিএলে যিকোনো অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰিছে আৰু কাম সম্পূৰ্ণ হোৱাৰ লগে লগে গেছ যোগান পুনৰ আৰম্ভ কৰা হ’ব বুলি আশ্বাস দিছে।যিকোনো সহায়ৰ বাবে গ্ৰাহকে ৯৯৫৪৬৯০৭৪২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও কোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *