এটি ব্যংগৰ পৰা গণ-আন্দোলনলৈ
‘ককৰোচ জনতা পাৰ্টি’ আৰু জাগ্ৰত যুৱ সমাজ
চাইন অন ডেস্ক,২২মে’:
২০২৬ চনৰ ১৫ মে’ তাৰিখে উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা নিযুক্তি সম্পৰ্কীয় এটি গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ (CJI) সূর্য কান্তে এক মন্তব্য কৰিছিল। শুনানিৰ সময়ত তেওঁ মন্তব্য কৰিছিল যে এনে কিছুমান নিবনুৱা যুৱক আছে যিসকলে কোনো কাম নোপোৱাৰ বাবে “ককৰোচ” (পঁইতাচোৰা) সদৃশ হৈ পৰে আৰু পিছলৈ মিডিয়া, ছ’চিয়েল মিডিয়া বা আৰটিআই (RTI) কৰ্মী হৈ পৰি সমগ্ৰ ব্যৱস্থাক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। 
সামাজিক মাধ্যমত ককৰোচ জনতা পাৰ্টিৰ সংবিধান প্ৰকাশ কৰিছে। য’ত নিম্নলিখিত বিষয়বোৰ উল্লেখ আছে:-
আমাৰ লক্ষ্য-
এলেহুৱা, দীৰ্ঘদিনীয়া অনলাইন, আৰু শেহতীয়াকৈ ককৰোচ বুলি কোৱা যুৱক-যুৱতীসকলৰ বাবে এটা পাৰ্টি গঢ়ি তোলা। ইমানেই। এইটোৱেই আমাৰ লক্ষ্য। বাকীবোৰ ব্যংগ।
পাঁচটা দাবী-
১/ যদিহে চিজেপি ক্ষমতালৈ আহে তেন্তে কোনো মুখ্য ন্যায়াধীশক অৱসৰৰ পিছৰ পুৰস্কাৰ হিচাপে ৰাজ্যসভাৰ আসন প্ৰদান কৰা নহ’ব।
২/যদি কোনো এটা বৈধ ভোট কৰ্তন কৰা হয়, সেয়া চি.জে.পি. বা বিৰোধী শাসিত ৰাজ্যতেই হওক, তেন্তে মুখ্য নিৰ্বাচনী আয়ুক্তক (CEC) ইউ.এ.পি.এ. (UAPA) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা উচিত। কিয়নো নাগৰিকৰ ভোটদানৰ অধিকাৰ কাঢ়ি লোৱাটো সন্ত্ৰাসবাদতকৈ কোনো গুণে কম নহয়।
৩/ সংসদৰ শক্তি বৃদ্ধি নকৰাকৈ মহিলাসকলে ৩৩% নহয়, ৫০% সংৰক্ষণ লাভ কৰিব। ইয়াৰ উপৰিও কেবিনেটৰ সকলো পদৰ ৫০% মহিলাৰ বাবে সংৰক্ষিত হ’ব।
৪/ আম্বানী আৰু আদানীৰ মালিকানাধীন সকলো মিডিয়া হাউছৰ অনুজ্ঞাপত্ৰ বাতিল কৰি প্ৰকৃত স্বতন্ত্ৰ সংবাদ মাধ্যমৰ বাবে ঠাই দিব লাগিব। গোডী মিডিয়া এংকৰৰ বেংক একাউণ্টৰ তদন্ত কৰা হ’ব।
৫/ যিকোনো বিধায়ক বা সাংসদ যিয়ে এটা দলৰ পৰা আন এটা দললৈ পলায়ন কৰে, তেওঁক ২০ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা – আৰু কোনো ৰাজহুৱা পদবীত অধিষ্ঠিত – নিষিদ্ধ কৰা হ’ব।
ককৰোচ জনতা পাৰ্টি (CJP)-ৰ এই অভূতপূৰ্ব উত্থানে ছচিয়েল মিডিয়াৰ শক্তিক সমগ্ৰ দেশৰ সন্মুখত প্ৰমাণ কৰি দেখুৱালে। মাত্ৰ ৪৮ ঘণ্টাতে ৬০ লাখ যুৱক-যুৱতীৰ সমৰ্থন লাভ কৰাটো কোনো সাধাৰণ কথা নহয়। ই নিশ্চিতভাৱে প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে যুৱপ্ৰজন্মৰ মনত জমা হৈ থকা ক্ষোভ আৰু হতাশাৰ এক ডিজিটেল বহিঃপ্ৰকাশ। কিন্তু এই ক্ষণস্থায়ী আলোড়নৰ মাজতে আমাৰ সন্মুখলৈ আহে এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন।”সামাজিক মাধ্যমত প্ৰতিবাদহে
আজিৰ যুৱক-যুৱতীসকল বৰ্তমানৰ ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাটোৰ প্ৰতি বিৰক্ত। নিবনুৱা সমস্যা, দুৰ্নীতি আৰু ফোপোলা প্ৰতিশ্ৰুতিৰ মাজত তেওঁলোকে নিজকে বন্দী অনুভৱ কৰিছে। এই ক্ষোভ প্ৰকাশ কৰিবলৈ তেওঁলোকে ককৰোচ জনতা পাৰ্টিৰ ৰূপকটো বাছি লৈছে। কৌতুক আৰু মিমৰ জৰিয়তে অতি গুৰুতৰ বাৰ্তা সহজকৈ দিয়াৰ যি কৌশল অভিজিতে ব্যৱহাৰ কৰিলে, সিয়ে যুৱপ্ৰজন্মৰ হৃদয় স্পৰ্শ কৰিলে। এতিয়া ই কেৱল এটা পেজ নহয়, ইয়াক এক গুৰুতৰ “জেঞ্জী আন্দোলন” বুলি অভিহিত কৰা হৈছে। ব্যৱস্থাটোৱে সাধাৰণ জনতাক যিমানেই মোহাৰি পেলাব নোখোজক কিয়, তেওঁলোক আকৌ থিয় দিব— এই দৃঢ়তাই হৈছে এই পাৰ্টিৰ মূল দৰ্শন। জনসাধাৰণ মূৰ্খ নহয়, তেওঁলোকে সকলো বুজি পায়। আজিৰ যুৱপ্ৰজন্মই ৰাজনীতিৰ নামত চলি থকা ক্ৰীড়াসমূহ খুব ভালদৰে নিৰীক্ষণ কৰিছে। ককৰোচ জনতা পাৰ্টিলৈ অহা এই সঁহাৰি আচলতে প্ৰচলিত দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাটোৰ মুখত এক প্ৰচণ্ড চৰ। যিসকলে ইয়াৰ গভীৰতা বুজি পোৱা নাই, তেওঁলোকে ইয়াক কেৱল ‘ইণ্টাৰনেট ট্ৰেণ্ড’ বুলি কব খোজে। কিন্তু আচলতে এয়া হৈছে হতাশাৰ পৰা জন্ম লোৱা এক আশাৰ ৰেঙণি। যেতিয়া এজন যুৱকে অনুভৱ কৰে যে তেওঁৰ কথা কোনেও শুনা নাই, তেতিয়া তেওঁ এইধৰণৰ ডিজিটেল মাধ্যমৰ আশ্ৰয় লয়। ব্যৱস্থা সলনি কৰিবলৈ সদায় কোটি টকাৰ প্ৰয়োজন নহয়, এটা অভিনৱ চিন্তা আৰু একতাই বিপ্লৱ আনিব পাৰে। আজিৰ যুৱপ্ৰজন্মই নিজৰ অধিকাৰ আৰু ভৱিষ্যতক লৈ সজাগ। ককৰোচ জনতা পাৰ্টিয়ে দেখুৱাই দিলে যে যেতিয়া সমাজৰ তলৰ স্তৰৰ মানুহবোৰ (যাক প্ৰায়ে অবহেলা কৰা হয়) একগোট হয়, তেতিয়া মাত্ৰ ৪৮ ঘণ্টাতে ৬০ লাখ কণ্ঠস্বৰ একেলগে গৰজি উঠিব পাৰে। এয়া এক ঐতিহাসিক আৰম্ভণি, যিয়ে ইণ্টাৰনেটৰ দেৱাল ভাঙি বাস্তৱ পৃথিৱীখনকো নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে!
