ডিব্ৰুগড়ত চোৰৰ নতুন নিনজা ‘টেকনিক’ ।নিজৰ পেহীয়েকৰ ঘৰতে চলালে লুণ্ঠন তাৰ পিছত গ’ল্ড লোন কোম্পানীত সোণ বন্ধকত থৈ গ্ৰেপ্তাৰ।ডিব্ৰুগড় মহানগৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত অঞ্চলসমূহত বিগত কিছুদিন ধৰি চোৰৰ উপদ্ৰৱে চৰম সীমা স্পৰ্শ কৰিছে। দিন-দুপৰতে বা নিশাৰ আন্ধাৰত ইখনৰ পিছত সিখন চুৰি কাণ্ড সংঘটিত কৰি চোৰৰ দলে সমগ্ৰ মহানগৰখনতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এনে সময়তে যোৱা ২৬ এপ্ৰিলত সংঘটিত হোৱা এক চুৰি কাণ্ডৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ গাভৰুপথাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। আৰক্ষীৰ জালত পৰিছে ঘটনাৰ মাষ্টাৰমাইণ্ডসহ তিনিটাকৈ গভাইত চোৰ। আটাইতকৈ চাঞ্চল্যকৰ বিষয়টো হ’ল, ধৃত চোৰকেইটাই চুৰিৰ সামগ্ৰী, বিশেষকৈ সোণৰ গহনা বিক্ৰী কৰাৰ বাবে এক নতুন আৰু অভিনৱ কৌশল অৱলম্বন কৰিছিল। সাধাৰণতে চোৰে চুৰি কৰা সোণ কোনো অলংকাৰৰ দোকানত কম মূল্যত বিক্ৰী কৰে, যাৰ ফলত আৰক্ষীৰ হাতত ধৰা পৰাৰ সম্ভাৱনা বেছি থাকে। কিন্তু এই চোৰৰ দলটোৱে সেই পৰম্পৰাগত পদ্ধতি সলনি কৰি চুৰিৰ সোণখিনি ডিব্ৰুগড় মহানগৰত থকা ‘IIFL Gold Loan’ আৰু ‘SBFC Gold Loan’ নামৰ দুখন প্ৰতিষ্ঠিত ফাইনেন্স কোম্পানীত বন্ধকত থৈ তাৰ বিনিময়ত লাখ লাখ টকাৰ ঋণ গ্ৰহণ কৰিছিল। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা ২৬ এপ্ৰিলত ডিব্ৰুগড় মহানগৰীৰ এক আৱাসিক এলেকাত এই চুৰি কাণ্ড সংঘটিত হৈছিল। ঘটনাৰ মূল মাষ্টাৰমাইণ্ড আছিল আব্দুল কবীৰ নামৰ এজন যুৱক। কবীৰে নিজৰ পেহীয়েকৰ ঘৰতে এই লুটপাতৰ নক্সা প্ৰস্তুত কৰিছিল। এই কাণ্ডত আব্দুল কবীৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল আয়ুষ দত্ত আৰু ৰোহিত দাস নামৰ আন দুজন যুৱকে। তিনিও চোৰ মিলি পেহীয়েকৰ ঘৰৰ পৰা বুজন পৰিমাণৰ সোণৰ গহনা লুটি লৈ গৈছিল আৰু পিছত তাক গ’ল্ড লোন কোম্পানীত জমা দি ধন উলিয়াই নিছিল। ইফালে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছতেই গাভৰুপথাৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক অলংকাৰ বৰাৰ নেতৃত্বত এক বিশেষ তদন্তকাৰী দলে অভিযান আৰম্ভ কৰে। আৰক্ষীৰ দলটোৱে লাভ কৰা এক গোপন সূত্ৰ আৰু প্ৰযুক্তিগত তথ্যৰ আধাৰত তীব্ৰ অভিযান চলাই অৱশেষত ঘটনাৰ মূল অভিযুক্ত আব্দুল কবীৰৰ লগতে সহযোগী আয়ুষ দত্ত আৰু ৰোহিত দাসক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত চোৰ কেইটাক জেৰা কৰি তেওঁলোকৰ জিম্মাৰ পৰা আৰু ফাইনেন্স কোম্পানীৰ পৰা ইতিমধ্যে প্ৰায় ৭০ শতাংশ চুৰি হোৱা সোণৰ গহনা উদ্ধাৰ কৰিছে। বাকী থকা ৩০ শতাংশ গহনা ক’ত আছে বা আন কাৰোবাৰ ওচৰত বিক্ৰী কৰা হৈছে নেকি, সেই সন্দৰ্ভত গাভৰুপথাৰ আৰক্ষীয়ে তদন্ত আৰু অভিযান অব্যাহত ৰাখিছে। চোৰৰ এই নতুন ‘কৰ্পোৰেট’ কৌশলে এতিয়া সমগ্ৰ ডিব্ৰুগড়তে তীব্ৰ চৰ্চা লাভ কৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.