চাইন অন ডেক্স,২০মাৰ্চঃ
অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ডিব্ৰুগড় কাৰাগাৰৰ পৰা স্ব-ৰাজ্য পাঞ্জাৱলৈ আজি ৰাওনা হয় বিচিন্নতাবাদী ৭ কাৰাৰুদ্ধ নেতা।
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বন্দী হৈ থকা সাত খালিস্থানপন্থী নেতাক বিমানেৰে আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে পাঞ্জাব অভিমুখে লৈ যোৱা হয়। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দি হৈ থকা সাত খালস্তান পন্হীৰ বন্দিত্বৰ ম্যাদ উকলি যোৱাৰ পাছত পাঞ্জাব চৰকাৰে বন্দিত্বৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লোৱাত পাঞ্জাবৰ পৰা চাৰি দিন পূৰ্বে ডিব্ৰুগড়ত উপস্থিত হৈছিল এগৰাকী আৰক্ষী অধীক্ষক হৰিন্দ্ৰ সিং গীল আৰু উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত ২৫ জনীয়া এক বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ দলটোক ছমজি লোৱাৰ ব্যবস্থা কৰে। সেই অনুসৰি পৃথকে পৃথকে আদালতে পাঞ্জাব আৰক্ষী হাতত গতাই দিয়াৰ পাছত পাঞ্জাব আৰক্ষীয়ে পাঞ্জাবৰ আজনালা থানা আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগৰ এক গোচৰ ভিত্তিত পুণৰ গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই আটাইকেইজনকে ট্ৰাঞ্জিত ৰিমাণ্ডত লৈ ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ৰাখে। অৱশেষত ন্যায়িক প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত আৰু ডিব্ৰুগড় ন্যায়িক আদালতে অহা ২৩ মাৰ্চৰ পূৰ্বে সাতজনকে সংশ্লিষ্ট আদালতত হাজিৰ কৰাৰ বাবে নিৰ্দেশ দিয়াত আজি পুৱাৰ ভাগত পাঞ্জাব আৰক্ষীয়ে সদৰ থানাৰ পৰা মোহনবাৰী বিমানবন্দৰলৈ কটকটীয়া নিৰাপত্তা মাজেৰে প্ৰথমে পুৱাৰ ভাগত
বসন্ত সিং, গুৰমীত সিং আৰু ভগৱন্ত সিংক
মোহনবাৰীলৈ লৈ যায়।মোহনবাৰী বিমানবন্দৰ পৰা দুটা ভাগত বিভক্ত পাঞ্জাব আৰক্ষী এটা দলে পুৱা ১০:১০ বজাত ইণ্ডিগ বিমান ৬ই – ২৫৬১ নম্বৰ বিমানত তিনি জনক পাঞ্জাবলৈ নিয়াৰ ব্যৱস্থা কৰে।পুণৰ আনটো দলে ডিব্ৰুগড় সদৰ থানালৈ আহি প্ৰায় ১২-৩০ বজাত আন চাৰিজন ক্ৰমে দলজিৎ সিং কালসী,কুলৱন্ত সিং,হৰজিৎ সিং আৰু কুলৱিন্দৰ পাল সিংক থানাৰ পৰা কটকটীয়া নিৰাপত্তা মাজেৰে মোহনবাৰী বিমানবন্দৰলৈ লৈ যায় আৰু ইণ্ডিগ ৬ই ৬৬০৪6 বিমানৰ জৰিয়তে বিয়লি ২:২০ বজাত চাৰিজনক পাঞ্জাৱলৈ নিয়া হয়।ইতিমধ্যে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ পৰা অমিত পাল সিঙৰ অন্যতম সহযোগী সাতজনকে পাঞ্জাব অভিমুখে লৈ যোৱা হৈছে। তাৎপৰ্যপূৰ্ণ যে,বিৰ্গত দুটা বছৰৰ পূৰ্বে পাঞ্জাবত সংঘটিত হোৱা অগ্নিগৰ্ভ পৰিস্থিতি সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল পাঞ্জাব ৱাৰিছ ডে তথা খালিস্তানী নেতা অমিত পাল সিং সহ তেওঁৰ অন্যতম সহযোগী সহ মুঠ দহ জনক। ইতিমধ্যে বন্দিত্বৰ ম্যাদ উকলি যোৱাৰ পাছত পাঞ্জাব চৰকাৰে পুণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ম্যাদ বৃদ্ধি নকৰা সিদ্ধান্ত গ্ৰহণ কৰা পাছত সাত জনক পাঞ্জাব লৈ লৈ যোৱা হয়। অৱশ্যে বৰ্তমানেও ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বন্দী হৈ থাকিব লাগিব অমিত পাল সিং সহ পাপলপ্ৰীৎ সিং আৰু বৰিন্দৰ সিং।জানিব পৰা মতে তেওঁলোকৰ ম্যাদ অহা এপ্ৰিল মাহত শেষ হ’ব। উল্লেখযোগ্য যে, অমিত পাল সিং ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অন্ধ কুঠৰীৰ পৰাই বিগত লোকসভা নিৰ্বাচনত অৰ্বতীন হৈ পাঞ্জাবৰ খাদুৰ চাহেব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।