...

গামোছা অৰ্পণৰে পৰাগ কুমাৰ দাসক স্মৰণ

গামোছা অৰ্পণৰে পৰাগ কুমাৰ দাসক স্মৰণ

অৰণ্য সুৰক্ষা সমিতিৰ

বিলাসীপাৰা,১৭মে’:

জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ ৩১ সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি অৰণ্য সুৰক্ষা সমিতি অসমে বিলাসীপাৰা মহাবিদ্যালয়ত থকা পৰাগ স্মৃতি বৃক্ষত গামোছা দি শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে ২০০১ চনৰ ১৭ মে’ তাৰিখে অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ডঃ হৰিচৰণ দাসৰ উদ্যোগত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত এই নিমগছ জোপাৰ পুলি ৰোপণ কৰা হৈছিল। বৰ্তমান ই প্ৰায় ত্ৰিছ ফুট ওখ এজোপা বৃক্ষ হৈ পৰিছে।সমিতিৰ হৈ আজি গছজোপাত গামোছা দি শ্বহীদ গৰাকীৰলৈ শ্ৰদ্ধা নিবেদন কৰে সমাজকৰ্মী কৰুণা কান্ত ৰায়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *