খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰেৱশ কৰা বনৰীয়া হাতীয়ে নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰি উপ-খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ বৌ বজাৰ আৰু বৰমাৰ বিভিন্ন অঞ্চলত মুক্ত বিচৰণ কৰাত এক আতংকময় পৰিস্থিতি সৃষ্টি হয় ৷জানিব পৰা মতে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতী এটাই আজি পুৱা শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভোমোৰাগুৰি অঞ্চলৰ আব্দুল মতালিব নামৰ লোকজনৰ বাসগৃহটো ভাঙি লণ্ড ভণ্ড কৰে ৷ পৰৱৰ্তী সময়ত উক্ত বনৰীয়া হাতীটো বৌ বজাৰ পাঘালি মোৱামাৰি আদিকে ধৰি বিভিন্ন অঞ্চলত মুক্ত বিচৰণ কৰাত স্থানীয় ৰাইজৰ মাজত এক আতংকময় পৰিস্থিতি সৃষ্টি হয় ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা অকলশৰীয়া বনৰীয়া হাতীটোৱে মৰাপাটৰ খেতি আৰু বড়ো ধানৰ লগতে বিভিন্ন শাকপাচলিৰ খেতি নষ্ট কৰে ৷ পৰৱৰ্তী সময়ত বনৰীয়া হাতীটোৱে বৰমা অঞ্চলত প্ৰেৱশ কৰি এক আতংকময় পৰিস্থিতি সৃষ্টি কৰে ৷ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰি উপ-খণ্ড বন কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দলে উক্ত বনৰীয়া হাতীটো বনাঞ্চললৈ খেদি পঠাবলৈ শূন্যলৈ গুলীচালনা কৰোতে গুলীৰ কিছু অংশ চিটিকি আহি বৰমাবিলৰ দুলেনা খাতুন নামৰ মহিলা গৰাকীৰ সহ আব্দুল ৰহমান খলিলুৰ ৰহমান আহত হয় ৷পৰৱৰ্তী সময়ত আহত সকলক চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও চিকিৎসাৰ অন্তত আহত সকলক চিকিৎসকে ঘৰলৈ যাবলৈ দিয়ে বুলি জানিব পৰা গৈছে ৷ আনহাতে বন বিভাগৰ তৰফৰ পৰা বৰমা অঞ্চলৰ স্থানীয় ৰাইজক বন্যহস্তিৰ পৰা সৰ্তকতা অৱলম্বন কৰিবলৈ মাইক যোগে ঘোষণা কৰিছে ৷বনৰীয়া হাতীটোৱে বিচৰণ কৰা স্থানত কোনো লোক যাতে নাযাই অথবা বনৰীয়া হাতীটো খেদোৱাৰ সময়ত ৰাইজে যাতে ভিৰ নকৰে আৰু বনৰীয়া হাতীটো বন বিভাগে খেদি অনাৰ সময়ত কোনো লোক যাতে সমাগম নকৰে তাৰ প্ৰতি ৰাইজক বন বিভাগে সৰ্তক কৰি মাইক যোগে ঘোষণা কৰিছে ৷বনৰীয়া হাতীটোৱে বৰ্তমান বৰমা অঞ্চলকে ধৰি বিভিন্ন স্থানত মুক্ত বিচৰণ কৰি এক আতংকময় পৰিস্থিতি সৃষ্টি কৰিছে ৷ এইক্ষেত্ৰত স্থানীয় ৰাইজে অতি সোনকালে বন বিভাগৰ লগতে জিলা প্ৰশাসনক বনৰীয়া হাতীটো খেদোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.