নগাঁৱত সংঘটিত হোৱা খিলঞ্জীয়া বোৱাৰী ৰূপৰেখা ভূঞাৰ নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়তে আজি ডিব্ৰুগড় মহানগৰতো ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ৰূপৰেখা ভূঞাৰ হত্যাকাৰীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজি হিন্দু ক্ৰান্তি দলৰ উদ্যোগত ডিব্ৰুগড়ত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় থানা চাৰিআলিত হিন্দু ক্ৰান্তি দলৰ শতাধিক কৰ্মী আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ এক উত্তাল প্ৰতিবাদী সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীসকলে অসমৰ খিলঞ্জীয়া বোৱাৰীগৰাকীক নৃশংসভাৱে হত্যা কৰা অভিযুক্তক অতি সোনকালে বিচাৰ কৰি ফাঁচীৰ শাস্তি দিবলৈ চৰকাৰক দাবী জনায়। প্ৰতিবাদকাৰীসকলে ‘ৰূপৰেখা ভূঞাক ন্যায় লাগে’, ‘হত্যাকাৰীক ফাঁচী দিয়ক’, ‘খিলঞ্জীয়া মহিলাৰ সুৰক্ষা নিশ্চিত কৰক’ আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে ডিব্ৰুগড়ৰ আকাশ-বতাহ কঁপাই তোলে। প্ৰতিবাদস্থলীত হিন্দু ক্ৰান্তি দলৰ নেতৃবৃন্দই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে, দিনক দিনে অসমত খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। নগাঁৱৰ এই হত্যাকাণ্ডই সমাজৰ সুৰক্ষাক লৈ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে। তেওঁলোকে স্পষ্টকৈ সকীয়াই দিয়ে যে যদিহে দোষীক উচিত শাস্তি দি ন্যায় প্ৰদান কৰা নহয়, তেন্তে আগন্তুক দিনত এই প্ৰতিবাদে অধিক ভয়ংকৰ ৰূপ ল’ব। এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত ডিব্ৰুগড় চহৰৰ থানা চাৰিআলি অঞ্চলত কিছু সময়ৰ বাবে যান-বাহনৰ চলাচল ব্যাহত হয় যদিও আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণত থাকে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.