...

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনমুখী নেতৃত্বত এ ফৰ আছামৰ মূলমন্ত্ৰেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক উন্নয়ন, শান্তি, সমৃদ্ধি আৰু আত্মবিশ্বাসৰ নতুন যাত্ৰাত দৃঢ়তাৰে আগুৱাই নিব”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনমুখী নেতৃত্বত এ ফৰ আছামৰ মূলমন্ত্ৰেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক উন্নয়ন, শান্তি, সমৃদ্ধি আৰু আত্মবিশ্বাসৰ নতুন যাত্ৰাত দৃঢ়তাৰে আগুৱাই নিব”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

 

• এনডিএ ৩.০ৰ শপতগ্রহণ অনুষ্ঠানত এনডিএ-ৰ নেতৃবৃন্দৰ সৈতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্ৰহণ
• “আই অসমীৰ সেৱাত মই আৰু হিমন্ত বিশ্ব শর্মা সদায়েই ঐক্যবদ্ধ আৰু সমৰ্পিত”: সৰ্বানন্দ সোণোৱাল
• ” আগন্তুক পাঁচ বছৰতো এনডিএ চৰকাৰৰ সবল প্ৰচেষ্টাত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব’: সোণোৱাল

 

গুৱাহাটী, ১২ মে’ 20২৬:

আজি গুৱাহাটীত আয়োজিত এনডিএ ৩.০-ৰ ঐতিহাসিক শপতগ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ প্ৰমুখ্যে এনডিএ-ৰ নেতৃবৃন্দৰ সৈতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে৷
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি উল্লেখ কৰে, “আজিৰ দিনটো অসমবাসীৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন৷ গুৱাহাটীত মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এনডিএ-ৰ নেতৃবৃন্দৰ উপস্থিতিত অনুষ্ঠিত এনডিএ ৩.০ চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানত জনতা জনার্দনৰ অকুণ্ঠ মৰম-আশীৰ্বাদ, উৎসাহ-উদ্দীপনা প্রত্যক্ষ কৰি আপ্লুত হ’লোঁ৷ পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা মাননীয় ড হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীসভাৰ সদস্যসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ সৰ্বজনপ্রিয় প্রধানমন্ত্রী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী আৰু জনমুখী নেতৃত্বত এ ফৰ আছামৰ মূলমন্ত্ৰেৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক উন্নয়ন, শান্তি, সমৃদ্ধি আৰু আত্মবিশ্বাসৰ এক নতুন যাত্ৰাত দৃঢ়তাৰে আগুৱাই নিব বুলি আমাৰ দৃঢ় বিশ্বাস৷”
সোণোৱালে লগতে কয়, “এনডিএ চৰকাৰৰ নতুন কার্যকালত অসমে দ্রুত বিকাশ, আত্মনিৰ্ভৰশীলতা আৰু অগ্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰিব আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষাই এক নতুন গতি লাভ কৰিব আগন্তুক পাঁচ বছৰতো এনডিএ চৰকাৰৰ সবল প্ৰচেষ্টাত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব৷ মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশৰ দৃষ্টিভংগী আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ, গতিশীল আৰু জনমুখী নেতৃত্বত অসমৰ প্ৰতিটো অঞ্চলত উন্নয়নৰ জোৱাৰ অব্যাহত থাকিব বুলি আমি আশাবাদী৷ বিশেষকৈ যুৱসমাজৰ কর্মসংস্থান, মহিলা সবলীকৰণ, কৃষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত অসমে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিব৷ এই নতুন যাত্ৰাই অসমৰ সংস্কৃতি, থলুৱা ভাষা আৰু খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্ব অধিক সুদৃঢ় কৰাৰ লগতে এক ভাৰত, শ্ৰেষ্ঠ ভাৰত গঢ়াৰ সপোনকো অধিক শক্তিশালী কৰিব বুলি আমাৰ বিশ্বাস৷ আই অসমীৰ সেৱাত মই আৰু হিমন্ত বিশ্ব শর্মা সদায়েই ঐক্যবদ্ধ আৰু সমৰ্পিত৷ এই আনন্দৰ ক্ষণত এনডিএ-ৰ নেতৃবৃন্দ, প্ৰতিজন কার্যকর্তা, শুভাকাংক্ষী আৰু শ্ৰদ্ধাৰ অসমবাসীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *