অৰুণাচলৰ মেওত নিহত ২ এন এছ চি এন (কে-ৱাই এ) দুধৰ্ষ কেডাৰ বিদ্ৰোহীৰ শিবিৰত মোক্ষম আঘাত
জোৱান আহত হোৱাৰ ‘প্ৰতিশোধ’ ?
মাৰ্ঘেৰিটা,১২মে’:
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী মিয়াওত আজি নিৰাপত্তা বাহিনীৰ এক তীব্ৰ সংঘৰ্ষত নিষিদ্ধ ঘোষিত সংগঠন এন এছ চি এন (কে-ৱাই এ)ৰ দুজনকৈ দুৰ্ধৰ্ষ কেডাৰ নিহত হয়। অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা বৃহৎ দলে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰাৰ পাছতেই চলোৱা এই যুটীয়া অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সেনাই চলোৱা এই ‘অপাৰেচন’ক বিদ্ৰোহী সংগঠনটোৰ ওপৰত এক প্ৰবল প্ৰত্যাহ্বান বুলি অভিহিত কৰা হৈছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে এই অঞ্চলটোতে এন এছ চি এনৰ এটা সশস্ত্ৰ গোটে আছাম ৰাইফলছৰ এটা দলক লক্ষ্য কৰি অতৰ্কিতে আক্ৰমণ চলাইছিল। সেই ভয়াৱহ আক্ৰমণত সেনাৰ এজন জোৱান গুৰুত্বৰভাৱে আহত হৈ জীৱন-মৃত্যুৰে যুঁজিবলগীয়া হৈছিল। এই ঘটনাই নিৰাপত্তা বাহিনীৰ মাজত তীব্ৰ জোকাৰণি সৃষ্টি কৰিছিল। তেতিয়াৰ পৰাই ভাৰতীয় সেনাই বিদ্ৰোহীৰ ঘাটি উচ্ছেদ কৰিবলৈ পণ লৈছিল আৰু চোৰাংচোৱাৰ নেটৱৰ্ক অধিক শক্তিশালী কৰি তুলিছিল।
দীৰ্ঘদিন ধৰি এন এছ চি এনৰ এই গোটটোৱে মিয়াও আৰু ইয়াৰ সমীপৱৰ্তী দুৰ্গম এলেকাৰ সাধাৰণ জনতাক ‘টেক্স’ৰ নামত ধনদাবী কৰি এক প্ৰকাৰৰ সমান্তৰাল চৰকাৰ চলাই আছিল। বিশেষকৈ চংকিং গাঁৱত বিদ্ৰোহীৰ এটা ১০-১৫ জনীয়া দলে ঘৰে ঘৰে গৈ গৃহ কৰ সংগ্ৰহ কৰি থকাৰ নিৰ্ভৰযোগ্য তথ্য সেনাৰ হাতত আছিল। কালি নিশা প্ৰায় ৮:৩০ বজাত মিয়াও চক্ৰৰ ডইমুখ নালা অঞ্চলত ০৮ আছাম ৰাইফলছ আৰু ১২ পেৰা ৰেজিমেন্টে এক অভূতপূৰ্ব ‘গেৰিলা অপাৰেচন’ আৰম্ভ কৰে।