পুনচাং পেগুৰ আন্তৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ দুয়োটা বিষয়তে সোণৰ আৰু ৰূপৰ পদক আহৰণ
আগৰতলা ১০ মে, ২০২৬ঃ
ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আগৰতলাত ১০ মে ২৯২৬ ত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০২৬ ৰ প্ৰতিযোগিতাত যোগদান কৰি আন্তৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অন্তৰ্ভুক্ত অল ইণ্ডিয়া শ্বিটু কাৰাটে-দো ইউনিয়ন, ৰিহাবাৰী, গুৱাহাটী শাখা বিদ্যালয় ছাত্ৰী পুনচাং পেগুৱে ডিফেন্স (defense) আৰু কাটা (kata) দুয়োটা বিষয়তে সুন্দৰ প্ৰদৰ্শন কৰি সোণৰ আৰু ৰূপৰ পদক আহৰণ কৰিবলৈ সক্ষম হয় ৷ জাপান শ্বিটু-ৰিও কাৰাটে দো ইণ্টাৰনেচনেল ইণ্ডিয়াৰ দ্বাৰা কনিষ্ঠসকলৰ বাবে আয়োজিত প্ৰতিযোগিতাত অসমকে আদি কৰি দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে ৷ মিচিং সমাজৰ পৰা প্ৰথম এনে চেম্পিয়নশ্বিপ আহৰণ কৰা পুনচাং পেগুৱে ইতিমধ্যে অসম স্পৰ্টচ কাৰাটে একাডেমিৰ নেতাজী কাপ, ইণ্টাৰনেচনেল জাপান কাৰাটে এচ’চিয়েছন ইণ্ডিয়া, অসম শাখাৰ ৰূপৰ আৰু ব্ৰঞ্জৰ পদক আহৰণ কৰিছে ৷ পুনচাং পেগুৰ বয়স বৰ্তমান নবছৰ আৰু তাই গুৱাহাটীৰ ৰিহাবাৰীস্থিত হেপ্পী চাইল্ড হায়াৰ চেকেণ্ডাৰী স্কুলৰ চতুৰ্থ শ্ৰেণীৰ মেধাবী ছাত্ৰী ৷ ঘৰুৱা পৰিবেশটো মিচিং জনজাতিৰ বৰ্ণাঢ্য ভাষা-সংস্কৃতিৰে উদ্ভাসিত পুনচাং পেগুৰ এনে সাফল্যত গুৱাহাটী মিচিং আদনৗ অপে (লেখক গোষ্ঠী), মিচিং আৰ্টিষ্ট এচ’চিয়েছন, গুৱাহাটী মিচিং বাংকে আগম কৗবাং ইত্যাদি কৰি বিভিন্ন সংগঠন আৰু অনুষ্ঠানে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে ৷
উল্লেখ পুনচাং পেগু মিচিং সমাজৰ বিশিষ্ট কবি-লেখক, সংগঠক তথা অসম চৰকাৰৰ জলসিঞ্চন বিভাগত কৰ্মৰত জুৱেল পেগু আৰু প্ৰতিভা কুলি পেগুৰ একমাত্ৰ কন্যা সন্তান ৷
Like this:
Like Loading...