মৰাণৰ ‘গীতিমঞ্জৰী’ৰ চতুৰ্থ বর্ষপূর্তী অনুষ্ঠান উদযাপন
অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া
চাইন অন ডেস্ক,১১মে’:
মৰাণৰ গ্রামোফ’ন ৰেকৰ্ড সংগ্রাহালয়ৰ সঞ্চালক উমানন্দ দুৱৰাই সতীর্থ সংগীত অনুৰাগীসকলৰ সহযোগত সত্তৰ দশকৰ পৰা আকাশবাণীৰ যোগেদি আধুনিক গীত পৰিবেশন কৰা কণ্ঠ শিল্পী আৰু বাদ্যযন্ত্রী শিল্পীসকলক সংঘবদ্ধ কৰি মিলন তীৰ্থৰ অনুষ্ঠান ‘গীতিমঞ্জৰী’ নামেৰে ২০২২ চনতে প্রতিষ্ঠা কৰিছিল। প্রতিষ্ঠা বৰ্ষত ধ্রুবজ্যোতি আৰু শাশ্বতী ফুকনৰ উপস্থিতিত এই বাৰেৰহণীয় অনুষ্ঠান সুচাৰো ৰূপে সম্পন্ন হৈ যোৱাৰ পাছত যোৱা ১০ মে’ৰ দুপৰীয়াৰ পৰা নিশালৈকে বর্ণিল কাৰ্যসূচীৰে চতুৰ্থ বর্ষপূর্তি মৰাণৰ শান্তিপুৰস্থিত ‘ৰাধাকৃষ্ণ বিবাহ ভবন’ত সফলতাৰে উদযাপন কৰা হয়। নীলাক্ষী বৰুৱাই ৰচনা কৰা গীতিমঞ্জৰীৰ সদস্যসকলে পৰিবেশন কৰা স্থায়ী সমবেত সংগীতৰে সেই দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। গীতিমঞ্জৰীৰ কিছু সদস্যই একক কণ্ঠৰ গীত পৰিবেশন কৰাৰ পাছতে গায়ক, সংগীত পৰিচালক, চাহ জনগোষ্ঠীৰ লোক সংগীতৰ গবেষক ৰাম চাচনিক সম্বৰ্ধনা জনোৱা হয়। কবী ৰঞ্জনা গগৈ সোণোৱালে আঁত ধৰা অন্তৰংগ আলাপৰ অনুষ্ঠানত সম্বর্ধিত শিল্পীগৰাকীয়ে চেপনৰ পৰা সংগীতৰ যাত্ৰা আৰম্ভ কৰা ব্যক্ত কৰাৰ লগতে শ্রোতা দর্শকৰ অনুৰোধত তেওঁৰ কণ্ঠৰ কেইবাটাও সুমধুৰ অনাতাঁৰ আধুনিক গীত আৰু ‘ৰতনলাল’ কথাছবিৰ ‘কে টকে বান্ধি দেলাই খপা..’ ঝুমইৰ গীত পৰিবেশন কৰে। এই অন্তৰংগ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা আন্তঃৰাষ্ট্ৰীয়
খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াই তেওঁৰ ভাষণ প্রসংগত নতুন প্রযুক্তিৰ সৈতে জেষ্ঠসকলকো সমানে খোজ দিয়াৰ প্ৰয়াস কৰিবলৈ অনুৰোধ কৰাৰ লগতে নৱপ্ৰজন্মক সকলো কাম নিষ্ঠা আৰু সততাৰে কৰিবলৈ অনুৰোধ কৰে। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰাৰ পূর্বে সূধা কণ্ঠ ভূপেন হাজৰিকাৰ প্রতিকৃতিত ধ্রুবজ্যোতি ফুকনৰ মাতৃ অমিয়া ফুকনে আৰু অসমে অকালতে হেৰোৱা সম্পদ জুবিন গাৰ্গৰ প্রতিকৃতিত সাংস্কৃতিক প্রতিবেদক তথা লেখক অমৃত বৰুৱাই বস্তি প্রজ্বলন কৰে। মঞ্চ মুকলি কৰে চিকিৎসক তথা সাহিত্য আৰু সাংস্কৃতিক কর্মী ডাঃ বিৰিঞ্চি কুমাৰ গগৈয়ে। এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকর্ষণ আছিল সত্তৰৰ দশকত অনাতাঁৰ গায়িকা ৰূপে স্বীকৃতি লাভ কৰা এসময়ৰ মৰাণ তৈল নগৰীৰ বাসিন্দা সুলেখা ডেকা। গায়িকাগৰাকীক বিশেষ সম্বর্ধনা জ্ঞাপন কৰাৰ পাছতে উমানন্দ দুৱৰাই সুলেখা ডেকাই ১৯৮৪চনত গ্রামোফ’ন ৰেকৰ্ডত বাণীবদ্ধ কৰা ‘দুভাগ ৰাতি কোনে মাতি আমনি খন কৰে..’ সংগ্ৰাহালয়ৰ আপুৰুগীয়া কাৰিকৰী সম্পদৰ জৰিয়তে মঞ্চত বজাই শুনায়। ইয়াৰ পাছতে অতীতৰ দিনলৈ উভতি গৈ নষ্টালজিক হৈ পৰা শিল্পীগৰাকীয়ে কেইবাটাও গীত পৰিবেশন কৰে। সাংস্কৃতিক সন্ধিয়াত ২০২৫ চনত মুক্তিলাভ কৰা জনপ্রিয় অসমীয়া চলচ্চিত্র ‘ৰুদ্ৰ’ৰ প্রযোজক মৰাণ সাংস্কৃতিক কর্মী আৰু বিশিষ্ট উদ্যোগী ব্যক্তি ওম প্রকাশ গাৰোডিয়া, উজনি অসমৰ প্ৰথমগৰাকী তবলাত বিশাবদ সন্মান লাভ কৰা মহিলা, মৰাণৰ জীয়াৰী জীনা গোহাঁই, উমানন্দ দুৱৰা আৰু ডঃ শুভজ্যোতি মহনক সম্বর্ধনা জনোৱা হয়। অন্তৰংগ আলাপ আৰু সাংস্কৃতিক সন্ধিয়াৰ নষ্টালজিক অনুষ্ঠানত গীত পৰিবেশন কৰা আন শিল্পীসকল আছিল ৰাণু গগৈ, বীণা গোহাঁই, দীপালী চুতীয়া ফুকন, অনুৰাধা বৰা, হেমা হাজৰীকা, বিমল মিত্র, সপোন দীপ ভাগৱতী, উমানন্দ দুৱৰা, বসন্ত কটকী আৰু দীপিকা দত্ত গোহাঁই আদি।
Like this:
Like Loading...