ধনৰ বিনিময়ত তামিলনাডু আৰু অন্যান্য ৰাজ্যৰ শিক্ষা ব’ৰ্ডৰ ভূয়া মাৰ্কশ্বীট প্ৰদান কৰাৰ সৈতে জড়িত থকা এটা চক্ৰৰ দুজনকৈ ব্যক্তিক ধুবুৰী আৰক্ষীয়ে কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে, বিগত ৩০ এপ্ৰিলৰ দিনা আৰক্ষীৰ এটা দলে ধুবুৰী চহৰৰ পাশ্বৱৰ্তী ঝাগৰাৰপাৰ অঞ্চলৰ ডোঙেৰপাৰৰ ইংলিছ এডুকেশ্বন একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ অ’নলাইন শিক্ষানুষ্ঠানত অভিযান চলাই বহুকেইখন ভূয়া, ফটা মাৰ্কশ্বীট আৰু আপত্তিজনক নথি পত্র উদ্ধাৰ কৰাৰ লগতে কেবাটাও লেপটপ আৰু কম্পিউটাৰো জব্দ কৰিছিল। দৰাচলতে, ধুবুৰীৰ আমবাগান খলিলপুৰ সাগৰ ঘোষ নামৰ ছাত্ৰ এজনে স্থানীয় বিদ্যাপাৰা লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ গৈ জমা দিয়া শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটখনক লৈ বিদ্যালয় কৰ্তৃপক্ষৰ সন্দেহ ওপোজে আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ছাত্ৰজনক শোধপোচ কৰাৰ পিছতেই উৰহি গছৰ ওৰ ওলাইছিল। ইপিনে, আৰক্ষীৰ অভিযানৰ পিছতেই ইংলিছ এডুকেশ্বন একাডেমী নামৰ সেই প্ৰতিষ্ঠানটোৰ স্বয়ম্ভূ সঞ্চালক তথা মূল মাষ্টাৰ মাইণ্ড জাহিদুল হুছেইন নামৰ ব্যক্তিজনৰ অন্তৰ্ধান ঘটিছিল আৰু বৰ্তমানলৈও আৰক্ষীৰ জালত পৰা নাই জাহিদূল। ইপিনে, সেই ভূয়া মাৰ্কশ্বীট কাণ্ডৰ তদন্ত চলাই শেহতীয়াকৈ ধুবুৰী আৰক্ষীয়ে ইনজামামূল আখতাৰ (২০) আৰু সহিদুৰ ৰহমান (৪৯) নামৰ দুজন ব্যক্তিক কৰায়ত্ত কৰি তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়া বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ইনজামামূল আখতাৰ প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ নামত থকা কেইবাটাও বেংক একাউণ্টৰ জৰিয়তে কোটি কোটি টকা লেনদেনৰ সৈতে জড়িত আছিল।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.