...

ডিব্ৰুগড় টাউন ৰেল ষ্টেচন জুলাই মাহৰ শেষত পুনৰ মুকলি

ডিব্ৰুগড় টাউন ৰেল ষ্টেচন জুলাই মাহৰ শেষত পুনৰ মুকলি

তিনি বছৰ ধৰি বন্ধ হৈ আছে ষ্টেচনটো

বিভাস দুৱৰা,১১মে’:

ডিব্ৰুগড় টাউন ৰেল ষ্টেচনটো অহা জুলাই মাহৰ শেষত পুনৰ মুকলিৰ সম্ভাৱনাই দেখা দিছে।উক্ত ষ্টেচনটোৰ আন্তঃগাঠনি,ৰেলৱেৰ ট্ৰেক আৰু বৈদ্যুতিকীকৰণৰ কামৰ বাবে যোৱা ২০২৩ চনৰ মে’ মাহৰ পৰা বন্ধ হৈ আছিল।বিগত তিনি বছৰ ধৰি বন্ধ হৈ থকা ডিব্ৰুগড় টাউন ৰেল ষ্টেচন অহা জুলাই মাহৰ শেষলৈ পুনৰ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে বুলি আজি ৰেলৱেৰ বিষয়াসকলে জানিবলৈ দিয়ে।
তিনিচুকীয়া সংমণ্ডলৰ অতিৰিক্ত সংমণ্ডল ৰেল প্ৰবন্ধক (এডিআৰএম) অজয় কুমাৰ প্ৰধানে আজি ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ষ্টেচনটো পৰিদৰ্শন কৰি চলি থকা আন্তঃগাঁথনি আৰু বৈদ্যুতিকীকৰণ কাৰ্যৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে। পৰিদৰ্শনকালত বিষয়াসকলে ষ্টেচনটোৰ ৰেল বৈদ্যুতিকীকৰণ, সংকেত প্ৰণালী আৰু যাত্ৰী সুবিধাৰ বিকাশৰ স্থিতি মূল্যায়ন কৰে।
পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানে কয় যে চাউলখোৱা-ডিব্ৰুগড় টাউন ষ্টেচন সংযোগী পথছোৱাৰ বৈদ্যুতিকীকৰণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে আৰু অতি সোনকালে সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে যে ৰেল প্ৰশাসনে জুলাই মাহৰ শেষৰ ফালে ষ্টেচনটোৰ পৰা ৰেল সেৱা পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হ’ব।
দীৰ্ঘদিনীয়া বন্ধৰ কাৰণ ব্যাখ্যা কৰি প্ৰধানে কয় যে এলানি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক কামৰ বাবে ষ্টেচনটো বন্ধ কৰি দিবলগীয়া হৈছিল। তেওঁ কয়, “থানা চাৰিআলি-মানকাটা পথৰ ওপৰৰ উৰণীয়া সেতু (ROB) পুনৰ নিৰ্মাণকে ধৰি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক কামৰ বাবে ষ্টেচনটো দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল, কাৰণ এই সেতুখনৰ উচ্চতা ৰেল বৈদ্যুতিকীকৰণৰ বাবে পৰ্যাপ্ত নাছিল।” অতিৰিক্ত সংমণ্ডল ৰেল প্ৰবন্ধকগৰাকীয়ে লগতে কয় যে পৰৱৰ্তী সময়ত উৰণীয়া সেতুখন ভাঙি প্ৰয়োজনীয় জোখত পুনৰ নিৰ্মাণ কৰা হৈছে আৰু সেতুখনৰ তলত বৈদ্যুতিকীকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।
চছিয়েল মিডিয়াত নতুন কাৰিকৰী বাধাৰ বিষয়ে চলি থকা উৰাবাতৰিও প্ৰধানে একপ্ৰকাৰ নাকচ কৰে। তেওঁ কয়, “বৈদ্যুতিকীকৰণ প্ৰক্ৰিয়াত বৰ্তমান কোনো ডাঙৰ বাধা নাই।” তেওঁ লগতে জনায় যে দীৰ্ঘদিনীয়া বন্ধৰ সময়ত জৰাজীৰ্ণ হৈ পৰা কেইবাটাও পুৰণি সংকেত আৰু সুৰক্ষা সঁজুলিৰ ঠাইত এতিয়া এক ব্যাপক মেৰামতিৰ অংশ হিচাপে নতুন আৰু উন্নত সঁজুলি সংযোগ কৰা হৈছে।
নতুন ষ্টেচন ভৱনৰ প্ৰশ্নত অতিৰিক্ত সংমণ্ডল ৰেল প্ৰবন্ধকগৰাকীয়ে ঘোষণা কৰে যে উন্নত সংকেত প্ৰণালী, উন্নত জিৰণি কোঠা আৰু আধুনিক যাত্ৰী সুবিধাৰে সজ্জিত এটা আধুনিক ভৱনৰ নিৰ্মাণ কাৰ্য অতি সোনকালে আৰম্ভ হ’ব। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে নতুন ভৱন নিৰ্মাণ আৰু ৰেল সেৱা পুনৰ আৰম্ভ কৰাটো দুটা স্বতন্ত্ৰ প্ৰকল্প আৰু এই দুয়োটা কাম সমান্তৰালভাৱে চলিব, যাতে ভৱন নিৰ্মাণৰ কামৰ বাবে ষ্টেচনটো মুকলি কৰাত কোনো পলম নহয়।
উল্লেখ্য যে ডিব্ৰুগড় মহানগৰত দুটাকৈ ৰেল ষ্টেচন আছে— এটা হ’ল বাণিপুৰত অৱস্থিত তুলনামূলকভাৱে ডাঙৰ ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG), যিটো বৰ্তমানে স্বাভাৱিকভাৱে তথা নিয়মীয়াকৈ চলি আছে আৰু মহানগৰখনলৈ সৰহভাগ ৰেল যাতায়ত ইয়াৰ জৰিয়তেই হয়। আৰু আনটো হ’ল পুৰণি ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT), যিটো ২০২৩ চনৰ মে’ মাহৰ পৰা বন্ধ হৈ আছে। টাউন ষ্টেচনটো পুনৰ মুকলি হ’লে মূল ষ্টেচনৰ ভিৰ যথেষ্ট হ্ৰাস পাব আৰু হাজাৰ হাজাৰ দৈনিক যাত্ৰীৰ বাবে মহানগৰৰ হৃদপৃণ্ড স্বৰূপ ডিব্ৰুগড়ৰ টাউন ষ্টেচনৰ পৰা পোনপটীয়া ৰেল সংযোগ পুনৰ স্থাপন হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *