...

বকো-ছয়গাঁওত সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰাৰ্থী ৰাজু মেছ

বকো-ছয়গাঁওত সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰাৰ্থী ৰাজু মেছ

নগৰবেৰাত বিপুল সম্বৰ্ধনা

নগৰবেৰা,৮মে’:

সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত বকো-ছয়গাঁও সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ
প্ৰাৰ্থী ৰাজু মেছে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হোৱাত দলটোৰ কাৰ্যকৰ্তা আৰু সমৰ্থন সকল উৎফুল্লিত হৈ পৰিছে। বিধায়ক হিচাপে নিৰ্বাচিত হৈ প্ৰথম বাৰৰ বাবে সমষ্টিটোৰ নগৰবেৰাত উপস্থিত হোৱাত নৱনিৰ্বাচিত বিধায়ক ৰাজু মেছক অঞ্চলটোৰ দলীয় কাৰ্যকৰ্তা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে উষ্ম আদৰণি জনোৱাৰ উপৰি ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। নগৰবেৰা আঞ্চলিক ৰাস কমিটিৰ কাৰ্যালয়, নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিৰ কাৰ্যালয় আৰু নগৰবেৰা মণ্ডল বিজেপিৰ কাৰ্যালয় প্ৰাংগণত পৃথকে পৃথকে অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটি, ৰাস কমিটি,অসম গণ পৰিষদৰ নগৰবেৰা আৰু পিজুপাৰা আঞ্চলিক কমিটি, মালঞ্চা সত্ৰ কমিটি, পাহাৰপাৰাৰ বুঢ়াগোহাঁই মন্দিৰ কমিটি, নগৰবেৰা হিন্দু ৰাইজ, নগৰবেৰাৰ বৃত্তিমূলক প্ৰশিক্ষক সকলৰ লগতে নগৰবেৰা মণ্ডল বিজেপিৰ পৰা নৱনিৰ্বাচিত বিধায়ক ৰাজু মেছক ফুলাম গামোচা, শৰাই, জাপি, ফুলৰ মালা আদিৰে বিপুল সম্বৰ্ধনা জনোা হয় | সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ ভাষণত বকো-ছয়গাঁও জনজাতি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰাজু মেছে কয় যে, বকো-ছয়গাঁও সমষ্টিৰ অন্যতম বাণিজ্যিক প্ৰাণকেন্দ্ৰ নগৰবেৰা অঞ্চলৰ সৰ্বাংগীন উন্নয়ণ ও বিকাশৰ বাবে তেওঁ সদায় প্ৰাধান্য দিব। এইক্ষেত্ৰত তেওঁ প্ৰথম পদক্ষেপ হিচাপে নগৰবেৰাৰ মেধিপাৰাৰ পৰা বকো লৈ যোৱা পথটো অসম মালাৰ অধীনত অতি কমেও দহ মিটাৰ বহলকৈ নিৰ্মাণ কৰাৰ লগতে নগৰবেৰাৰ দোকুছি-পাহাৰপাৰাক সংযোগ কৰি জলজলী নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনাব। বৃহত্তৰ নগৰবেৰা অঞ্চলৰ উন্নতমানৰ চৰকাৰী বিনামূলীয়া স্বাস্থ্য সেৱাৰ বাবে ত্ৰিছখন বিচনাযুক্ত চিকিৎসালয়খন কাৰ্যক্ষম কৰাৰ প্ৰয়াস কৰা হব বুলিও কয় বিধায়ক ৰাজু মেছে। নিৰ্বাচনৰ সময়ত নগৰবেৰাবাসীয়ে যি মৰম আৰু আৰ্শীবাদ দিছে তাৰ বাবে তেওঁ কৃতজ্ঞ হৈ থাকিব বুলিও কয়। মন্ত্ৰীত্ব লাভৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক ৰাজু মেছে কয়-“মুখ্যমন্ত্ৰীয়ে মোক প্ৰাৰ্থিত্ব দি জিকাই আনিছে । এয়া মোৰ বাবে যথেষ্ট । মোক ৰাইজৰ সেৱাৰ বাবে আগবঢ়াই অনাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ থাকিম”। তেওঁ কয় যে, মন্ত্ৰীত্ব পোৱাটো ডাঙৰ কথা নহয়, ৰাইজৰ কাম কৰিব পৰাটোৱে আচল কথা । বিগত দিনৰ বিধায়কসকলৰ দৰে তেওঁ অকৰ্মণ্য হৈ থাকিব বিচৰা নাই বুলিও মন্তব্য কৰে। সম্বৰ্ধনা অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা , নগৰবেৰা জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বাস,নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়া, নগৰবেৰা ৰাস কমিটিৰ সভাপতি দীনেশ কলিতা, নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি গিৰিৰাজ তিমচিনা প্ৰমুখ্য কৰি বিজেপি, অগপ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া- কৰ্মী আৰু অনুষ্ঠান- প্ৰতিষ্ঠানৰ বিষয়ববীয়া, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *