...

*ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগত গৱেষক ছাত্ৰ দিৱস উদযাপন*

*ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগত গৱেষক ছাত্ৰ দিৱস উদযাপন*

চাইন অন ডেস্ক,৭মে’:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ উদ্যোগত কালি বিভাগীয় চৌহদত গৱেষক ছাত্ৰ দিৱস (Research Scholars’ Day) অত্যন্ত উৎসাহ আৰু শৈক্ষিক উদ্যমেৰে পালন কৰা হয়। আমন্ত্ৰিত বক্তৃতা, গৱেষণা পত্ৰ উপস্থাপন, পোষ্টাৰ প্ৰদৰ্শনী আৰু সাংস্কৃতিক অনুষ্ঠানৰ দৰে বৰ্ণিল কাৰ্যসূচীৰে দিনজোৰাকৈ আয়োজিত এই অনুষ্ঠানত শৈক্ষিক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়।
বিশ্ববিদ্যালয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ অধাপক শিশিৰ কুমাৰ দত্ত সোঁৱৰণী সভাকক্ষত আয়োজিত এই অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, পৃথিৱী বিজ্ঞান আৰু শক্তি অনুষদৰ গুৰু অধ্যাপিকা সুব্ৰতা বৰগোহাঁই গগৈ, বিভাগীয় মুৰব্বী অধ্যাপক তাপস কুমাৰ গোস্বামী আৰু সন্মানীয় অতিথি হিচাপে আই.আই.টি. কানপুৰৰ অধ্যাপক দেৱজ্যোতি পাল আৰু বিশিষ্ট ভূতত্ত্ববিদ, বিজ্ঞান লেখক তথা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক যোগেন্দ্ৰনাথ শৰ্মা উপস্থিত থাকে। আমন্ত্ৰিত বিশিষ্ট অতিথিসকলক অসমীয়া পৰম্পৰাৰ গৌৰৱ ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, আমন্ত্ৰিত অতিথি অধ্যাপক দেৱজ্যোতি পাল আৰু অধ্যাপক যোগেন্দ্ৰনাথ শৰ্মা, প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ মূৰব্বী অধ্যাপক তাপস কুমাৰ গোস্বামী, তৈল প্ৰযুক্তি বিভাগৰ মূৰব্বী অধ্যাপক প্ৰদীপ বৰগোহাঁয়ে যুটীয়াভাৱে বন্তি প্ৰজ্বলন কৰে।
দিনজোৰা কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধন কৰি উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাই উচ্চশিক্ষাত গৱেষণা আৰু উদ্ভাৱনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ গৱেষকসকলক সমাজৰ বাবে প্ৰাসংগিক হ’ব পৰা মানদণ্ডসম্পন্ন বৈজ্ঞানিক অনুসন্ধানত মনোনিবেশ কৰিবলৈ উৎসাহিত কৰে। আদৰণি ভাষণত বিভাগীয় মুৰব্বী অধ্যাপক তাপস কুমাৰ গোস্বামীয়ে গৱেষক ছাত্ৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ইয়াক বৌদ্ধিক বিকাশৰ এক গুৰুত্বপূৰ্ণ মঞ্চ বুলি অভিহিত কৰে।
দিনটোৰ প্ৰথমটো অধিৱেশনত আই.আই.টি. কানপুৰৰ ধৰিত্ৰী বিজ্ঞান বিভাগৰ অধ্যাপক দেৱজ্যোতি পালে এক বিশেষ বক্তৃতা প্ৰদান কৰে। ভাৰতৰ ‘ৰাজমহল-চিলেট ট্ৰেপছ’ (Rajmahal–Sylhet Traps) বৃহৎ আগ্নেয় প্ৰদেশৰ সৃষ্টিত ‘মেণ্টল প্লাম’ৰ (Mantle Plume) ভূমিকা যে নগণ্য, সেই বিষয়ে তেওঁ বৈজ্ঞানিক তথ্যসহকাৰে ব্যাখ্যা আগবঢ়ায়। তেওঁৰ এই সাৰগৰ্ভ ভাষণে ভূ-ৰাসায়নিক আৰু টেকটনিক বিৱৰ্তনৰ নতুন দিশ উন্মোচন কৰে আৰু উপস্থিত গৱেষকসকলৰ মাজত উৎসুকতা বৃদ্ধি কৰে। তেওঁৰ প্ৰতি কৃতজ্ঞতাৰ চিনস্বৰূপে বিভাগৰ তৰফৰ পৰা তেওঁক অসমীয়া পৰম্পৰাগত চেলেং চাদৰ আৰু এক সন্মানীয় স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছৰটো অধিৱেশনত গৱেষক ছাত্ৰ-ছাত্ৰীসকলে নিজৰ গৱেষণা পত্ৰ উপস্থাপন (Oral Presentation) কৰে। এই গুৰুত্বপূৰ্ণ অধিৱেশন সঞ্চালনা কৰে অধ্যাপিকা সুব্ৰতা বৰগোহাঁই গগৈয়ে। ইয়াত প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ গৱেষকসকলে নিজৰ চলিত গৱেষণাৰ কাম-কাজসমূহ অধ্যাপক আৰু বিশেষজ্ঞসকলৰ সন্মুখত দাঙি ধৰে।
তৃতীয়টো অধিৱেশনত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ভূতত্ত্ববিদ ড° যোগেন্দ্ৰ নাথ শৰ্মাই ‘ব্ৰহ্মপুত্ৰ নদীৰ গতি-প্ৰকৃতি আৰু প্লাৱন প্ৰক্ৰিয়া’ (Morphology and Fluvial Processes of the Brahmaputra River) শীৰ্ষক বিষয়ত সাৰুৱা ভাষণ আগবঢ়ায়। ব্ৰহ্মপুত্ৰ নদীৰ গতি-প্ৰকৃতি আৰু ইয়াৰ অৱবাহিকাৰ পৰিৱৰ্তনশীলতাৰ ওপৰত তেওঁ দিয়া গাণিতিক তথা ভৌগোলিক ব্যাখ্যাই সকলোকে আপ্লুত কৰে। ভাষণৰ শেষত বিভাগৰ তৰফৰ পৰা তেওঁক এক সন্মানীয় স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পাছতে বিভাগীয় পুথিভঁৰালত পোষ্টাৰ উপস্থাপন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই পোষ্টাৰ উপস্থাপন প্ৰতিযোগিতাত প্ৰায়োগিক ভূতত্ত্ব বিভাগ আৰু তৈল প্ৰযুক্তি বিভাগৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলে নিজৰ উদ্ভাৱনীমূলক চিন্তা প্ৰদৰ্শন কৰে। এই প্ৰতিযোগিতাত বিচাৰক হিচাপে আই.আই.টি. কানপুৰৰ অধ্যাপক দেৱজ্যোতি পাল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰমথেশ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত অংকিতা শৰ্মাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে পৰিস্মিতা বৰাই দ্বিতীয় স্থান তথা অংকিতা গগৈ আৰু পাৰ্ছনা গগৈয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। সন্ধিয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা গীত আৰু বিহু নৃত্যেৰে এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতে পোষ্টাৰ উপস্থাপন প্ৰতিযোগিতাৰ বঁটা বিতৰণী কাৰ্যসূচী সম্পন্ন হয়। দুয়োগৰাকী বিচাৰকে বিজয়ী গৱেষকসকলক মানপত্ৰ আৰু নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰে।
বিভাগৰ সহকাৰী অধ্যাপক ড° পূৰ্বজ্যোতি ফুকনে শলাগৰ শৰাই আগবঢ়াই উপস্থিত সকলো বিশিষ্ট ব্যক্তি, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এক প্ৰেৰণাদায়ক আৰু শ্ৰদ্ধাপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠানটোৰ সফল সামৰণি পৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ উদ্যোগত অনুষ্ঠিত এই দিনটোৱে ভৱিষ্যতৰ ভূতত্ত্ববিদ আৰু গৱেষকসকলৰ বাবে এক নতুন প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *