...

ঐতিহ্যৰ ভেঁটি চিকুনাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ নদীৰ পাৰ

ঐতিহ্যৰ ভেঁটি চিকুনাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ নদীৰ পাৰ

 

৮ মে’ৰ পৰা তিনিদিনীয়াকৈ ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু
ম’হঘুলি চাপৰিত চলিছে যুদ্ধকালীন প্ৰস্তুতি

পুলকজ্যোতি বৰা,ঢকুৱাখনা:

ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ আছে এক সুকীয়া সাতামপুৰুষীয়া ঐতিহ্য।এই নদীৰ পাৰতেই তাহানিৰে পৰাই ম’হঘুলি চাপৰিত উদযাপন কৰি অহা হৈছে ফাটবিহু।এইবাৰো ঐতিহ্যৰ ভেঁটি চিকুনাই অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ।ঐতিহ্য আৰু পৰম্পৰাৰ বৰ্ণিল সমাহাৰেৰে শুকুৰবাৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ’ব ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু।২০২৫ বৰ্ষৰ ফাটবিহু উৎসৱক লৈ এতিয়া অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে সংস্কৃতিবান ঢকুৱাখনীয়া ৰাইজৰ। পূৰ্ণগতিত যুদ্ধকালীন প্ৰস্তুতি চলিছে চাৰিকড়ীয়া নদীৰ পাৰৰ ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰিত। চূণ-তেল সানি ন-ৰূপত সজাই তোলা হৈছে ৩৮ বিঘা মাটিৰে পৰিবেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰি। ইতিমধ্যে অসমৰ সাংস্কৃতিক জগতত একক আৰু অনন্য স্থান দখল কৰা ফাটবিহু ২০২৬ বৰ্ষত দুই লক্ষাধিক বিহুপ্ৰেমীৰ সমাগমৰ লক্ষ্যৰে সকলো যাৱতীয়া ব্যৱস্থা সাজু কৰি তুলিছে উদযাপন সমিতিয়ে। লগতে দূৰণিৰ পৰা আহিব লগা আলহী-অতিথিক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতিৰ সমান্তৰালকৈ ফাটবিহু সমিতি।প্ৰায় ৩০লক্ষ বাজেট গ্ৰহণ কৰি ঐতিহাসিক বিহুখনি সাফল্য কৰি তুলিবলৈ গঠন কৰা ১১ খনকৈ শক্তিশালী উপ সমিতিয়ে দিনে- নিশাই উজান দিছে নিজ নিজ কৰ্মত।আজি ফাটবিহু বাকৰিত বিয়লি অনুষ্ঠিত হয় এক সংবাদমেল।
ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া আৰু সম্পাদক প্ৰশান্ত হাজৰিকাৰ উপস্থিতিত সংবাদমেলত উদযাপন সমিতিৰি সম্পাদক হেমন্ত গগৈয়ে ইতিমধ্যে ৯০ শতাংশ অতিথি গৃহ,ভোজন গৃহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠা বুলি অৱগত কৰি
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক বিহুদলে ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বুলি অংশগ্ৰহন কৰিব বুলি জনাইছে।।ইয়াৰ সমান্তৰালকৈ সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি থকা পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতাত কুৰিটাৰো অধিক বিহু দলৰ লগতে দেউৰী,সোণোৱাল কছাৰী আৰু মিচিং কৃষ্টি দলে অংশগ্ৰহণ কৰিব বুলি সংবাদমেলযোগে অৱগত কৰে।।ইফালে প্ৰায় চাৰি শতাধিক জাতীয় সাজপাৰ পৰিহিত স্বেচ্ছাসেৱকে ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্য্যসূচীৰ আয়োজনৰ পৰিচালনা
নিয়ন্ত্ৰণ কৰিব।তদুপৰি অন্তিম দিনৰ সাংস্কৃতিক শুভাযাত্ৰাত ৰাজ্যৰ প্ৰায়বোৰ জনগোষ্ঠীয় কৃষ্টি দলে অংশগ্ৰহণ কৰিব।দুৰ দুৰণিৰ অতিথিক আপ্যায়নৰ বাবে সাজু কৰা হৈছে পিঠা-পনা,জলপান আৰু বিভিন্ন পৰম্পৰাগত খাদ্যৰ।চালে চকুৰোৱা সেউজ প্ৰাকৃতিক পৰিৱেশৰ মাজত ৮ ৰ পৰা ৯ মে’লৈ প্ৰদৰ্শিত হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি।ম’হঘুলি চাপৰিৰ বিনন্দীয়া পৰিবেশত বিহুত উতলা হ’বলৈ সাজু হৈছে ঢকুৱাখনাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজ।পৰম্পৰাৰ সকলো উজ্জ্বল্য সামৰি ফাটবিহুৰ ঐতিহ্য আৰু গৰিমা নিখুঁত ৰূপত উপস্থাপনৰ বাবে সকলো চেষ্টাই অব্যাহত ৰাখিছে সমিতিৰ বিষয়-ববীয়াই।ইতিমধ্যে অসমীয়া সমাজ জীৱনত অনন্য আৰু সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ফাটবিহুক কেন্দ্ৰ কৰি এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ম’হঘুলি চাপৰিৰ বিহুৰ বাকৰি।সর্বজনবিদিত ফাটবিহুত জাতীয় সাজপাৰ পৰিধান কৰাটো এক চিৰাচৰিত নিয়ম আৰু পৰম্পৰাত পৰিণত হৈছে। এই একবিংশ শতিকাৰ চকু চাট মৰা জাক -জমকতায়ো ম্লান কৰিব নোৱাৰা ঢকুৱাখনাবাসীৰ স্বাভিমান ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্যসূচীত ৰাজ্যবাসীৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰিবলৈ বিহুপ্ৰেমীক আহ্বান জনাইছে উদযাপন আৰু ফাটবিহু সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *