...

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্সৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে, ২০২৬ চনৰ জুলাইত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্সৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে, ২০২৬ চনৰ জুলাইত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ

• ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্সৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ ১০খন দেশৰ সৈতে ভাৰতৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ
নেদাৰলেণ্ড, ডেনমার্ক, জার্মানী, দক্ষিণ কোৰিয়া, আৰৱ, পর্তুগাল, ভিয়েটনাম, ওমান, ইজৰাইল আৰু থাইলেণ্ডৰ সৈতে চুক্তি সম্পাদন
• ইৰাণ সংলগ্ন উপসাগৰীয় সামুদ্রিক পৰিস্থিতিৰ পৰ্যালোচনা; ভাৰতমুখী জাহাজৰ নিৰাপদ গমনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ

নতুন দিল্লী, ৬ মে’, ২০২৬:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুজৰাটৰ লোথালত নিৰ্মাণাধীন ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্সৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু ২০২৬ চনৰ
 জুলাই মাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে৷ লোথালত চলি থকা এই প্ৰকল্পৰ কাম ত্বৰান্বিত কৰাৰ লগতে সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক
 নিৰ্দেশ দিয়ে সোণোৱালে৷ তেওঁ কয় যে এই ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্স ভাৰতৰ সমৃদ্ধ সামুদ্রিক ঐতিহ্য আৰু সাগৰৰ সৈতে থকা সভ্যতাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক বিশ্বৰ আগত উপস্থাপন
 কৰাৰ এক ঐতিহাসিক প্রয়াস৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু দিক্-নিৰ্দেশনাত এই প্রকল্পক এক বিশ্বমানৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে৷
প্ৰকল্পটোৰ বৈশ্বিক দিশত গুৰুত্ব আৰোপ কৰি ভাৰতে ইতিমধ্যে নেদাৰলেণ্ড, ডেনমার্ক, জার্মানী, দক্ষিণ কোৰিয়া, আৰৱ, পর্তুগাল, ভিয়েটনাম, ওমান, ইজৰাইল আৰু থাইলেণ্ডৰ সৈতে 
১০খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে৷ আগন্তুক সময়ত ইটালী, ফ্রান্স, ম্যানমাৰ আৰু কাম্বোডিয়ায়ো এই প্ৰকল্পত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে, যাৰ জৰিয়তে এই কমপ্লেক্সক বৈশ্বিক 
সামুদ্রিক ইতিহাসৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্রীয় সংস্কৃতি মন্ত্ৰালয় আৰু পৰ্যটন মন্ত্ৰালয়ৰ সৈতে অধিক সমন্বয় সাধনত গুৰুত্ব আৰোপ কৰি এই 
প্ৰকল্পক এক গুৰুত্বপূর্ণ পর্যটন আৰু সাংস্কৃতিক প্রাণকেন্দ্র হিচাপে প্রতিষ্ঠা কৰাৰ নিৰ্দেশ দিয়ে৷ লগতে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিবলৈ এক বিস্তৃত কাৰ্যসূচী প্ৰস্তুত কৰাৰ কথাও উল্লেখ কৰে৷
প্ৰথম পৰ্যায়ত ছয়টা সংগ্ৰহালয় গ্যালেৰী, লোথাল টাউনশ্বিপ, জলজ থীম, সাধাৰণ এলেকাৰ থীম, জেটি পথ আৰু ভাৰতীয় নৌবাহিনীৰ সামগ্ৰী প্ৰদৰ্শন অন্তৰ্ভুক্ত থাকিব৷ পাছৰ পৰ্যায়ত প্ৰায় 
৩,০০০ কোটি টকাৰ বিনিয়োগেৰে অধিক সংগ্রহালয় গ্যালেৰী, লাইটহাউছ সংগ্রহালয়, বাগিচা কমপ্লেক্স আৰু অন্যান্য আধুনিক সুবিধা নিৰ্মাণ কৰা হ'ব৷
ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীজনে হৰমুজ প্রণালী সংলগ্ন উপসাগৰীয় সামুদ্রিক পৰিস্থিতিৰো পৰ্যালোচনা কৰি ভাৰতমুখী জাহাজসমূহৰ নিৰাপদ গমনৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ 
কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *