...

টিভিকেৰ মুৰব্বী বিজয়, হব নে মুখ্যমন্ত্ৰী ?

টিভিকেৰ মুৰব্বী বিজয়, হব নে মুখ্যমন্ত্ৰী ?

পুনৰ আন এক প্ৰত্যাহ্বান সন্মুখীন টিভিকে !

ৰাজ্যপালক সাক্ষাৎ বিজয় থালাপথিৰ

চেন্নাই,৬মে’:

একক বৃহত্তম দল হিচাপে আত্মপ্রকাশ কৰিও তামিলনাডুত চৰকাৰ গঠনৰ বাবে থমকি ৰ’বলগীয়া হৈছে তামিলাগা ভেট্টৰী কাজহাগাম, চমুকৈ টিভিকেৰ মুৰব্বী বিজয়। কালি ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ২৩৪খন আসনৰ ভিতৰত নতুনকৈ নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা দলটোৱে ১০৮খন আসন দখলেৰে প্রতিষ্ঠিত ডিএমকে আৰু এআইএডিএমকেক ধূলিসাৎ কৰে। এইবাৰৰ নিৰ্বাচনত শাসনাধিষ্ঠিত ডিএমকেৰ মুখ্যমন্ত্রী ষ্টেলিনো পৰাজিত হয়। দক্ষিণৰ ছুপাৰষ্টাৰ অভিনেতাগৰাকীৰ নতুন দলটোৱে ১০খন আসনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভত ব্যর্থ হোৱাত এতিয়া বাঁওপন্থী আৰু কংগ্ৰেছকে ধৰি কম আসন পোৱা দলসমূহৰ সমৰ্থন বিচাৰি আহ্বান জনাইছে। উল্লেখ্য যে কংগ্ৰেছ আৰু ডিএমকে মিত্রজোঁটে ৭৩খন আসন লাভ কৰে। এআইএডিএমকে মিত্রজোঁটে লাভ কৰে ৫২খন আসন। ইয়াৰ পৰিপ্ৰেক্ষিতত ১০খন আসনৰ বাবে বিজয়ৰ টিভিকে দলে বিদুথলাই চিৰুথাইগল কাটচি, চিপিএম, চিপিআই, কংগ্ৰেছ আৰু ইণ্ডিয়ান মুছলিম লীগৰ সৈতে আলোচনাত মিলিত হ’বলৈ আগ্রহ প্রকাশ কৰিছে। কিন্তু কংগ্ৰেছ, ভিচিকে, চিপিএম, চিপিআই আৰু আইইউএমএল দলসমূহ ডিএমকেৰ নেতৃত্বাধীন চেকুলাৰ প্ৰগ্ৰেছিভ এলায়েঞ্চৰ অংশ। নির্বাচন আয়োগৰ তথ্য অনুসৰি কালি ঘোষণা কৰা ফলাফলত কংগ্রেছে ৫খন, আইইউএমএল, চিপিএম আৰু ভিচিকেই দুখনকৈ আসন লাভ কৰিছে। তাৎপৰ্যপূৰ্ণ এই যে নিৰ্বাচনত মিত্ৰতা কৰিলেও কংগ্ৰেছৰ নেতা-কৰ্মী শাসনাধিষ্ঠিত ডিএমকেৰ নেতৃত্বক লৈ অসন্তুষ্ট আছিল। ইয়াৰ মূলতে আছিল দলটোক কৰা অসন্মান। সেয়ে হ’লেও কংগ্রেছক সহজে বিজয়ৰ প্রতি সমর্থন আগবঢ়াবলৈ এৰি নিদিব ডিএমকেই। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনত চৰকাৰ গঠনক লৈ ভীষণ সমস্যাৰ স্বৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *