ফকিৰগঞ্জত আৰক্ষীৰ অভিযান
সন্দেহযুক্ত হেৰ’ইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক
মানকাচৰ,৬মে’:
ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ধাপনপাৰা গাঁৱত নিশা আৰক্ষীয়ে এক সফল অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।
ধৃত অভিযুক্ত দুজন হ’ল

গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে ইকবাল হুছেইনৰ বাসগৃহত অতৰ্কিতে তালাচী চলায়। এই অভিযানকালত আৰক্ষীয়ে ঘৰটোৰ পৰা নিচাজাতীয় সামগ্ৰীসমূহ উদ্ধাৰ কৰে।
অভিযানত আৰক্ষীয়ে
সন্দেহযুক্ত হেৰ’ইন ১১৪ টা প্লাষ্টিকৰ ভায়েল, যাৰ মুঠ ওজন প্ৰায় ১৪৪.৫৫ গ্ৰাম।
১৮ টা খালী প্লাষ্টিকৰ ভায়েল/কণ্টেইনাৰ।
নগদ ২,৮৫০ টকা।

