ব্যৱসায় প্ৰতিস্থানত ভয়ংকৰ অগ্নি কাণ্ড
সম্পূৰ্ণ বয়-বস্ত জুইত পুৰি নিঃশেষ
আগিয়া ২৬ এপ্ৰিল:
যোৱা নিশা প্ৰায় দুই-আৰৈ মান বজাত বালিজানা বজাৰৰ প্ৰানঞ্জল ষ্টোৰ নামৰ গেলামাল দোকান খনত অগ্নি সংযোগৰ ফলত দোকান ঘৰটোৰ লগতে সম্পূৰ্ণ বয়-বস্ত জুইত পুৰি ছাই হয়। ব্যৱসায় প্ৰতিস্থান খনৰ স্বত্ত্বাধিকাৰী বালিজানা বজাৰৰ নিবাসী প্ৰাণঞ্জল দাসে জানিবলৈ দিয়া মতে চৰ্ট ছাৰকিউটৰ ফলতে দোকান খনত অগ্নি সংযোগ হোৱা বুলি অনুমান কৰিছে ।ঘটনা
সম্পৰ্কে জানিবলৈ দিয়া মতে যোৱা নিশা প্ৰায় দুইৰ পৰা আঢ়ৈটা মান বজাত দপদপাই জুই লগা দখি পথেৰে যোৱা ট্ৰাক এখনে ৰৈ একে ৰাহে দীৰ্ঘ সময় হৰ্ণ বজাই থাকে । গাড়ী খনৰ হৰ্ণ শুনি কাষৰে এজন লোকে বাহিৰত ওলাই আহি দোকান খনত ভয়ঙ্কৰ অগ্নি সংযোগ
দেখি গৰাকীক খৱৰ দিয়ে। ঘটনাস্হলীত আগিয়া আৰক্ষী উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীক খৱৰ দিয়ে যদিও তেতিয়া লৈকে প্ৰায় সম্পূৰ্ণ পুৰি ছাই হৈ গৈছিল।