অসমৰ পৰা ২৫৬৯ গৰাকী হজযাত্ৰী পৱিত্ৰ মক্কা- মদিনালৈ ৰাওনা
ডিব্ৰুগড়ৰ পৰা ৩৯ গৰাকী হজযাত্ৰী
চাইন অন ডেস্ক:
পৱিত্ৰ হজব্ৰত কৰাৰ উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ পৰা মুঠ ৩৯ গৰাকী হজযাত্ৰী গুৱাহাীলৈ ৰাওণা হয় আৰু তাৰ পৰা পোনে পোনে হজব্রত কৰাৰ উদ্দেশ্যে মক্কা মদিনালৈ বিমান যোগে যাব। মুঠ ৩৯ গৰাকী হজযাত্ৰীৰ ভিতৰত ২৩ গৰাকী পুৰুষ আৰু ১৬ গৰাকী মহিলা। এই উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’লষ্টেচনত হজযাত্ৰী সকলোক বিদায় দিবলৈ তেওঁলোকৰ আত্মীয় স্বজন আৰু শুভাকাংক্ষী সকলে বিদায় দিয়ে। অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায়ত বিশ্ব শান্তিৰ বাবে, দেশৰ, দহৰ বাবে প্ৰাৰ্থনা কৰে। কেন্দ্ৰীয় হজ কমিটিৰ অধ্যক্ষ, অধিবক্তা নেকিবুজ্জামানে জানিবলৈ দিয়া মতে এইবাৰ অসমৰ পৰা মুঠ ২,৫৬৯ গৰাকী হজযাত্ৰী যাব। লগতে হজযাত্ৰী সকলক সহায়ৰ বাৱে চৰকাৰে ১৬ গৰাকী খাদেমুল হুজ্জাজ হিচাপে পঠিয়াইছে। অসমৰ কিছুমান হাজী নিজৰ সুবিধাৰ বাবে দিল্লী, মুম্বাই আৰু কলকাতাৰ পৰা উৰণ যোগে যাব। এইবাৰৰ পৰা ভাৰত চৰকাৰে সুবিধা দিছে যে তেওঁলোকে ইচ্ছা কৰিলে ২০ দিনতে হজ সমাপন কৰি আহিব পাৰিব। অৱশ্যে অতিৰিক্ত ভাৱে তিনি চাৰি লাখ টকা খৰচ পৰিব।এগৰাকী হজযাত্ৰীয়ে জানিবলৈ দিয়ে যে এইবাৰ একোজন যাত্ৰীৰ বাবে মুঠ খৰচ পৰিছে প্ৰায় ৮ লাখ ২৩ হাজাৰ টকাকৈ আৰু খোৱা-বোৱা বাবদ অতিৰিক্ত ১ লাখ ২০ হাজাৰকৈ টকা দিব লাগিব।
হজযাত্ৰীসকলে জানিবলৈ দিয়ে যে পূৰ্বতে ভাৰতীয় টকা চৌদি আৰৱৰ ৰিয়েললৈ সলনি কৰাৰ বাৱে দুলীয়াজান এছ বি আইৰ ফালৰ পৰা কৰা হৈছিল যদিও এইবছৰ তেওঁলোকে বিহু, ইলেকচন আদিৰ বাবে গুৱহাটীৰ পৰা ৰিয়েল সংগ্ৰহ কৰিব নোৱাৰিলে। তাৰ পৰিৱৰ্তে গুৱাহাটীতত এই টকা পৰিবৰ্তন কৰিব পাৰিব বুলি কয়, যাৰ কাৰণে হজযাত্ৰীখিনিৰ অত্যন্ত হাৰাশাস্তি হৈছে আৰু তেঁওলোকে ক্ষোভ প্ৰকাশ কৰাৰ লগতে হজ কমিটীৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে হজ কমিটিয়ে এইবোৰ আগতে সমাধান কৰিব লাগিছিল। ডিব্ৰুগড়ৰ পৰা যোৱা হাজী সকলে গুৱাহাটীৰ পৰা ভিছা, পাছপোৰ্ট আদি সংগ্ৰহ কৰাৰ লগতে টকা সলনি কৰিব লাগিব গতিকে এজন মানুহৰ কিমান কষ্ট হব সেয়া সহজে অনুমেয়। হাজী সকলে গুৱাহাটীৰ পৰা চৌদি আৰৱৰ মদিনালৈ ইণ্ডিয়ান এয়াৰ লাইনছৰ বিমানেৰে ৰাওনা হ’ব। ডিব্ৰুগড়ৰ যাত্ৰী সকলে গুৱাহাটীৰ পৰা মদিনালৈ ৰাওণা হব অহা ২০ এপ্ৰিলৰ পৰা। প্ৰথম দিনাখন ৩২৪ জন, একে তাৰিখতে ৩২৪ জন, ২১ এপ্ৰিলত যাব ৩২৪ জন, ২২ এপ্ৰিলত ৩২৪ জন আৰু শেষৰ দিনাখন যাব ২১৫ জন। মুঠ পাঁচ দিনত গুৱহাটীৰ পৰা যাব ২,৫৬৯ জন হজযাত্ৰী। ইয়াৰে পুৰুষ-১,৭৬৩ গৰাকী আৰু মহিলা-৮০৬ গৰাকী হজযাত্ৰী যাব বুলি কেন্দ্ৰীয় হজ কমিটিৰ অধ্যক্ষ আলহজ নেকিবুজ জামানে জানিবলৈ দিয়ে। অধ্যক্ষ জামানে আৰু জানিবলৈ দিয়ে যে হজযাত্ৰী সকল ৪৬ দিন মক্কা আৰু মদিনাত হজব্রত সমাপণ কৰাৰ পাছত অহা ৪ জুনত নিজ গৃহলৈ প্ৰত্যাবৰ্তন কৰিব আৰু তেঁওলোকে জিদ্দা আন্তৰ্জাতিক বিমান বন্দৰৰ বিমানেৰে
গুৱাহাটীলৈ আহিব । দুই আৰু চাৰি জুনৰ পৰা দুখনকৈ বিমানত ৩২৪ গৰাকীকৈ হজযাত্ৰী, চাৰি জুনতো দুখনকৈ বিমানত আহিব ৩২৪ জনকৈ আৰু শেষৰ দিনা ২১৫ গৰাকী আহিব। উল্লেখযোগ্য যে ২০২৫ চনত ডিব্ৰুগড়ৰ পৰা হজযাত্ৰী গৈছিল মুঠ ২৭ গৰাকী। অসমৰ হাজীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে আঠ গৰাকী প্ৰশিক্ষক মুম্বাইৰ পৰা প্ৰশিক্ষণ লৈ আহে। এইবছৰ হজযাত্ৰী সকলক সুকলমে ডিব্ৰুগড়ত প্ৰশিক্ষণ দিয়াৰ লগতে ছিটা আদি দিয়াৰ কথা ব্যক্ত কৰে ডিব্ৰুগড় হজ কমিটিৰ যুটীয়া সম্পাদক চৌকত লটিফ আৰু উদ্যোক্তা সকলে।ডিব্ৰুগড়ত আলহজ শেখ মহম্মদ ছাম্মিৰুল হকে প্ৰশিক্ষণ দিয়ে। আজি ৰে’ল ষ্টেচনত হজযাত্ৰী সকলক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় গ্ৰাহাম বজাৰ ৰিনাইশ্যনছ ক্লাবে।