ডিব্ৰুগড়ৰ শিক্ষা ভেলী বিদ্যালয়ে ২০২৬ চনৰ চিবিএছই ব’ৰ্ড পৰীক্ষাত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অসাধাৰণ ফলাফল ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছে। বিদ্যালয়খনে ইয়াৰ শৈক্ষিক উৎকৰ্ষৰ পৰম্পৰা অক্ষুন্ন ৰাখি এই বছৰো ১০০ শতাংশ উত্তীর্ণ ফলাফল লাভ কৰিছে। মুঠ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকৰ এই প্ৰশংসনীয় ফলাফলে ছাত্র-ছাত্রী, শিক্ষক আৰু অভিভাৱকৰ একত্ৰিত প্ৰচেষ্টাৰ প্রতিফলন দাঙি ধৰে। বিদ্যালয় খনৰ শীৰ্ষস্থান অধিকাৰ কৰিছে ৰীভা সিংঘানিয়াই, তেওঁ ৯৯.৪ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনত প্রথম স্থান অধিকাৰ কৰিছে। সামগ্রিক ফলাফলতো উল্লেখযোগ্য সাফল্য দেখা গৈছে আৰু ইয়াৰে ২৫জন ছাত্ৰ-ছাত্ৰীয়ে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে, ২৯ জনে ৮০ শতাংশৰ পৰা ৮৯ শতাংশৰ ভিতৰত নম্বৰ পাইছে। অৰ্থাৎ, মুঠ ছাত্ৰ-ছাত্ৰীৰ দুই-তৃতীয়াংশতকৈ অধিকই ৮০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে। এই অসাধাৰণ সফলতাৰ বাৱে স্কুল কর্তৃপক্ষই উত্তীর্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায়। ডিব্ৰুগড়ৰ আমোলাপট্টি ৰে’লগেট নিবাসী পৰাগ এম. সিংঘানিয়া আৰু নন্দিনী সিংঘানিয়াৰ কন্যা ৰীভা সিংঘানিয়াই ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হোৱাৰ সপোন পুহি আছে। তেওঁৰ এই সফলতাৰ বাৱে পিতৃ মাতৃ আৰু স্কুল কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.