...

বৰপেটাৰ মন্দিয়াত ড্ৰাগছ সৰবৰাহকাৰী আটক

Spread the love

বৰপেটাৰ মন্দিয়াত ড্ৰাগছ সৰবৰাহকাৰী আটক

আৰক্ষীক ভুয়সী প্ৰশংসা ৰাইজৰ

বৰপেটা:

বৰপেটাৰ জিলাৰ বৰপেটা সদৰ আৰক্ষী থানাৰ অধীনস্থ কপোহা চʼক বজাৰৰ পৰা বুধবাৰৰ সন্ধিয়া এটা ড্ৰাগছ সৰবৰাহকাৰী আটক হয়। উল্লেখ্য যে ৪ নং ভাতকুছি গাঁৱৰ নিবাসী ছানুৱাৰ হুছেইন (৪২) নামৰ সৰবৰাহকাৰী জনে দীৰ্ঘদিন অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। আৰু সেই অভিযোগৰ ভিত্তিতেই যোৱা নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ছানুৱাৰ হুছেইন নামৰ সৰবৰাহকাৰী জনক হাতে – লোটে কপোহা চʼক বজাৰৰ নিজ হাৰ্ডৱেৰ দোকানৰ পৰা তিনি বাকচ সন্দেহযুক্ত হেৰʼইনসহ আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ছানুৱাৰ হুছেইনৰ পৰা জব্দ কৰা হেৰʼইনৰ পৰিমাণ ৩১.৬৯ গ্ৰাম। ধৃত ছানুৱাৰ হুছেইন এই প্ৰাণনাশী ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ লগত জড়িত হৈ সামাজিক পৰিৱেশ কলুষিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে আৰক্ষীয়ে তেওঁক জালত পেলোৱাত স্বাভাৱিকতেই আৰক্ষীক বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়। সমান্তৰালকৈ আৰক্ষীয়ে জিম্মাত লোৱা ছানুৱাৰ হুছেইনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *