অসমৰ ছাত্ৰ সাগ্নিক ৰায়চৌধুৰীৰ অসাধাৰণ কৃতিত্ব
চিবিএছচিৰ মেট্ৰিকত ৯৯.৮ শতাংশ লাভ
চাইন অন ডেস্ক:
কালি ফলাফল ঘোষিত হোৱা ২০২৬ বৰ্ষৰ চিবিএছচিৰ মেট্ৰিক পৰীক্ষাত অসমৰ এজন প্ৰতিভাশালী ছাত্ৰই দৃষ্টান্তমূলক সফলতা অৰ্জন কৰি সমগ্ৰ ৰাজ্যক গৌৰৱান্বিত কৰিছে।
গুৱাহাটীৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰ সাগ্নিক ৰায়চৌধুৰীয়ে এইবাৰৰ পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰ লাভ কৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতো শীৰ্ষ স্থান লভাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, সাগ্নিকে ভাষা আৰু সাহিত্য, অসমীয়া, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰ লাভ কৰাৰ বিপৰীতে সাধাৰণ গণিতত ৯৯ নম্বৰ আৰু অতিৰিক্ত বিষয় হিচাপে লোৱা তথ্য প্ৰযুক্তিত ৯৬ নম্বৰ লাভ কৰিছে।
সাগ্নিকৰ এই উজ্জ্বল সাফল্যই তেওঁৰ পৰিয়াল আৰু বিদ্যালয়ৰ লগতে সমগ্ৰ অসমক গৌৰৱান্বিত কৰিছে। বিশেষকৈ ধুবুৰী জিলাকো ৰাজ্যৰ শিক্ষাক্ষেত্ৰখনত নতুন এক পৰিচিতি দিছে।
ভবিষ্যতে NEET পৰীক্ষাত উত্তীৰ্ণ হৈ চিকিৎসক হোৱাৰ লক্ষ্য বান্ধি লোৱা সাগ্নিকৰ এই সফলতাই অসমৰ শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা ক্ষেত্ৰখনকো এক নতুন উচ্চতালৈ লৈ যোৱাৰ এক উজ্জ্বল উদাহৰণ হিচাপে পৰিগণিত হৈছে।

