বাহাৰুলৰ বাহাদুৰি !
হেণ্ডকাফ সহ আৰক্ষীৰ জিম্মাৰ পৰা পলাল!
তাৰ পাছত….
চাইন অন ডেস্ক:
নগৰবেৰাত আৰক্ষীক ত্ৰিভুৱন দেখুৱালে এজন চোৰে।স্বাস্থ্য পৰীক্ষাৰ বাবে নিওতেই চিকিৎসালয়ৰ পৰা পলাল চোৰ।অৱশেষত যেনিবা আত্মগোপন কৰা চোৰক এঘৰৰ বাথৰুমৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।
চোৰৰ নাম বাহাৰুল ,বাহাৰুলে দেখুৱালে বাহাদুৰি।হেণ্ডকাফ সহ আৰক্ষীৰ জিম্মাৰ পৰা পলাল বাহাৰুল।
নগৰবেৰাত মোবাইল চোৰত আৰক্ষীয়ে আটক কৰিছিল এইজন বাহাদুৰক ,ঘৰ বৰপেটাৰ আলোপতি মাজৰ চৰত।মঙ্গলবাৰৰ দুপৰীয়া আৰক্ষীয়ে বাহাদুৰক চিকিৎসালয়লৈ নিছিল স্বাস্থ্য পৰীক্ষাৰ বাবে।
পিছে চেগ বুজি হেণ্ডকাফ সহ আৰক্ষী জিম্মাৰ পৰা পলাল চোৰ ,পলাল মানে আৰক্ষীয়ে প্ৰায় দুঘণ্টা বিচাৰ খোচাৰ কৰি নাপায়হে নাপায়।
অৱশেষত এঘৰৰ বাথৰুমৰ ভিতৰত আত্মগোপন কৰি থকা চোৰক প্ৰত্যেক্ষ কৰে গৃহস্থই আৰু সেইমতে আৰক্ষী লৰালৰিকৈ গৈ পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বাহাৰুলক।
আৰক্ষী জিম্মাৰ পৰা চোৰৰ পলায়নৰ কাণ্ডই চাঞ্চল্য বিয়পায় অঞ্চলজুৰি আৰু আৰক্ষীৰ পৰৱৰ্তী সময়ৰ সফলতাক শলাগিছে ৰাইজে।