তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত আৰক্ষীয়ে চলোৱা এক তীব্ৰ অভিযানত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ সাতজনকৈ লিংকমেনক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান অধিক তথ্যৰ বাবে আটকাধীন লোককেইজনক লেখাপানী থানাত আৰক্ষীয়ে জেৰা চলাই আছে। আটকাধীন লোককেইজনৰ পৰিচয় ক্ৰমেবৰ্লিন নেওগ (বৰডুমচা), মিঠু গোহাঁই (পেঙেৰী, লীলাম্বৰ মৰাণ (পেঙেৰী,বিকাশ ডেকা (কাকপথাৰ), শিৱ দে’ (অৰুণাচল প্ৰদেশৰ মিয়াও),পৰিতোষ দে’ (অৰুণাচল প্ৰদেশৰ মিয়াও), মানৱ দে’ (মাকুম)। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত সংগঠনটোৰ হৈ বিভিন্ন কাম-কাজত সহায় কৰি অহাৰ অভিযোগত তেওঁলোকক আটক কৰা হৈছে। অঞ্চলটোত আলফা(স্বা)ৰ কোনো ধৰণৰ সক্ৰিয়তা বা ধন দাবীৰ দৰে ঘটনাৰ সৈতে তেওঁলোক জড়িত নেকি, সেই দিশটো আৰক্ষীয়ে বিশেষভাৱে পৰীক্ষা কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.