ডিব্ৰুগড়ৰ চাউলখোৱাত নিৰ্বাচনী সংঘাত ?
আবিদ আহমেদক গুলীয়ালে আব্দুল মিন্টু আলিয়ে
আব্দুল মিন্টু আলিৰ ৮ খনকৈ বাহন ভাঙি ক্ষতিগ্ৰস্ত
চাইন অন ডেস্ক:
ৰাজ্যত অব্যাহত নিৰ্বাচনী হিংসা। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতো ঠায়ে ঠায়ে সংঘটিত হোৱা নিৰ্বাচনী হিংসাই উত্তপ্ত কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। খোৱাং সমষ্টি অজাপ-বিজেপিৰ নিৰ্বাচনী সংঘাতক লৈ চলি থকা চেপা উত্তেজনাৰ মাজতে চাউলখোৱা ঘৰবন্দীচুকত ভয়ংকৰ ঘটনা সংঘটিত হয়। কালি নিশা সংঘটিত হোৱা ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উত্থাপিত অভিযোগ অনুসৰি আব্দুল মিন্টু আলি আৰু আবিদ আহমেদৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আছিল পৰিয়ালকেন্দ্ৰীক সংঘাত। সেই সংঘাতে নিৰ্বাচন কেন্দ্ৰীক ৰূপ লাভ কৰে শুক্ৰবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাই। চাউলখোৱা ঘৰবন্দীচুকৰ আবিদ আহমেদ নামৰ যুৱকজনক মাৰণাস্ত্ৰৰে গুলিয়ালে আব্দুল মিন্টু আলি নামৰ যুৱকজনে। যুৱকজনৰ গুলীচালনাত সৌভাগ্যক্ৰমে আবিদ আহমেদৰ মূৰত আঘাত নাপালে যদিও এটা চকুত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে পৰিয়ালৰ লোকে আবিদক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে ইয়াৰ প্ৰত্যাক্ৰমণ হিচাপে আবিদ আহমেদৰ পৰিয়ালৰ লোকে আব্দুল মিন্টু আলিৰ ৮ খনকৈ বাহন ভাঙি ক্ষতিগ্ৰস্ত কৰে। ক্ষতিগ্ৰস্ত বাহনকেইখন হৈছে এ এছ ০১ ই ৱাই ২৯০৯ নম্বৰৰ ফৰচুনা, এ ডি ০৬ আৰ ৮২৫০ নম্বৰৰ টাটা জেষ্ট, এখন নেক্সা এক্স এল ৬, এ এছ ০৪ এ ৯৯৪৭ নম্বৰৰ মাৰুটি ভান, এ এছ ০৬ কে ৭৭০১ নম্বৰৰ স্কৰপিঅ’ বাহন, এ এছ ০৬ এ চি ৯৬২০ নম্বৰৰ এখন বিক্ৰম। ঘটনা সন্দৰ্ভত আব্দুল মিন্টু আলিৰ পত্নীয়ে জানিবলৈ দি কয়, ভোটগ্ৰহণৰ দিনা মোক কেইবাগৰাকী মহিলাই ডিঙিত চেপা মাৰিছিল। কংগ্ৰেছক যদি ভোট দিব নোৱাৰিলে বিজেপিকো ভোট দিব নোৱাৰিব বুলি ভাবুকি দিছিল। ঘটনা সন্দৰ্ভত মই এজাহাৰো দিয়া হৈছিল। কালি সন্ধিয়াৰ ভাগত কেইবাগৰাকী মানুহ আহি কাঁড়, ধেনুৰে আক্ৰমণ কৰাৰ লগতে বাহন ভাঙি ক্ষতিসাধন কৰে। আজি পুৱা ১০ বজাৰ সময়তো বহুকেইজন ল’ৰা আহি আক্ৰমণ কৰিছে। আনহাতে ঘটনাৰ বিষম হোৱাৰ আশংকা প্ৰকাশ কৰি পত্নীয়ে স্বামী আব্দুল মিন্টু আলিক ঘৰৰ পৰা আঁতৰাই ৰখা বুলি জানিবলৈ দিছে। ইফালে গৰু চুৰিৰ অভিযোগ থকা মিন্টু আলিয়ে বজাৰলৈ যোৱা মাতৃক স্কুটীৰে আনিবলৈ যোৱাৰ সময়ত আবিদ আহমেদলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উঠিছে। সম্প্ৰতি ঘটনাস্থলীত আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ দল উপস্থিত হৈছে। ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও অভিযুক্ত মিন্টু আলিক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। ইফালে গুলীচলনাৰ ঘটনাৰ পাছতে একাংশ লোকে মিণ্টু আলীৰ গাড়ী ভাঙি ঘৰ লণ্ডভণ্ড কৰাৰ অভিযোগ আনিলে অভিযুক্তৰ পত্নীয়ে। একাংশ লোকৰ আক্ৰমণৰ
ভয়ত দুদিন পূৰ্বে মিণ্টু আলীয়ে ঘৰৰ পৰা আঁতৰি থকাৰ কথা উল্লেখ কৰিছে মিন্টুৰ পত্নীৰ। চিচি টিভিত আক্ৰমণকাৰীৰ দৃশ্য বন্দী হৈ থকাৰো অভিযোগ উত্থাপন কৰিছে মিণ্টু আলিৰ পত্নীৰ। মন কৰিবলগীয়া যে, দীৰ্ঘদিনৰ পৰা ডিব্ৰুগড়ৰ চাউলখোৱাত চলি আছে গৰু চোৰৰ গেংৱাৰ। গৰু চোৰৰ নেতৃত্বত মিণ্টু আলিৰ দৰে একাংশ লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। ২০১৮ চনৰ ২০ ছেপ্টেম্বৰত গৰু চুৰিত সহযোগ নকৰা বাবে মিণ্টু আলী গেঙে হত্যা কৰিছিল ছেলিম আলী নামৰ এজন যুৱকক। জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা চলাইছিল ছেলিম আলীৰ মাতৃ-কন্যাক। ছেলিম আলীক হত্যা কৰাৰ অভিযোগত মিণ্টু আলীৰ লগতে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছনু আলী, ৰিণ্টু আলী, ৰৌহন আলী, চিণ্টু আলী আৰু ফজলুদ্দিন আহমেদ ওৰফে গুলুক। উল্লেখ্য যে, এই ভয়ংকৰ ঘটনাটো নিৰ্বাচনকেন্দ্ৰীক সংঘাত বুলি অভিযোগ উঠিলেও প্ৰকৃততে দীৰ্ঘদিনায়া পৰিয়ালকেন্দ্ৰীক যে সংঘাত আছিল সেই কথা নিশ্চিত হৈছে।