ডিব্ৰুগড়ত ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰী আৰু মাইক্ৰ’ অবজাৰ্ভাৰৰ
তৃতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
চাইন অন ডেস্ক:

আগন্তুক বিধানসভা নিৰ্বাচনত নিৰ্বাচনী কৰ্মচাৰীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা নিশ্চিত কৰিবলৈ সাধাৰণ পৰ্যবেক্ষকদ্বয় ক্ৰমে টি. এন. ভেংকটেশ, আই.এ.এছ., চিপহাং আৰ্থাৰ ৱৰচুইয়ো, আই.এ.এছ. আৰু ডিব্ৰুগড়ৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰী, আই.এ.এছৰ উপস্থিতিত এই ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো সমষ্টিতে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰী আৰু মাইক্ৰ’ অবজাৰ্ভাৰসকলৰ নিৰপেক্ষ আৰু পদ্ধতিগত আবণ্টন নিশ্চিত কৰি এই তৃতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন চলোৱা হয়।