...

ECINET এপৰ PRO মডিউলৰ ওপৰত ভিডিঅ’ কনফাৰেন্স

Spread the love

ECINET এপৰ PRO মডিউলৰ ওপৰত ভিডিঅ’ কনফাৰেন্স

ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা

চাইন অন ডেস্ক:

অনাগত অসম বিধানসভা নিৰ্বাচন, ২০২৬-ৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি আজি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ ভিডিঅ’ কনফাৰেন্স কক্ষত ECINET এপৰ অন্তৰ্গত PRO মডিউলৰ ওপৰত এক প্ৰত্যক্ষ ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হয়।

নিৰ্বাচনৰ দিনা মসৃণ যোগাযোগ আৰু সমস্যাসমূহৰ দ্ৰুত সমাধানৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ হ’বলগীয়া এই PRO মডিউলটোৰ সৈতে পৰিচিত হ’বলৈ অনুষ্ঠিত এই সত্ৰত সাধাৰণ পৰ্যবেক্ষক টি.এন. ভেঙ্কটেশ, আই.এ.এছ. (IAS) আৰু চিপাং আৰ্থাৰ ৱৰ্চুইয়ো, আই.এ.এছ. (IAS) উপস্থিত থাকে।

ইয়াৰ পাছতে দুই সাধাৰণ পৰ্যবেক্ষকে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত থকা নিৰ্বাচনী সামগ্ৰী শ্ৰেণীবিভাজন এলেকা (Polling Material Sorting Area) পৰিদৰ্শন কৰে আৰু নিৰ্বাচনী সামগ্ৰী প্ৰেৰণ তথা ব্যৱস্থাপনাৰ বাবে কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে।

ইয়াৰোপৰি, সাধাৰণ পৰ্যবেক্ষক টি.এন. ভেঙ্কটেশ, আই.এ.এছ.-এ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ২০৬, ২০৭ আৰু ২০৮ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰ্বাচনী প্ৰস্তুতি আৰু নূন্যতম নিশ্চিত সা-সুবিধাৰ (Assured Minimum Facilities) উপলব্ধতা তদাৰক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *