...

“এই নির্বাচন অসমীয়া জাতিৰ আত্মসন্মান, অস্তিত্ব আৰু অধিকাৰ সুনিশ্চিত কৰা তথা ভৱিষ্যৎ নিৰ্ধাৰণৰ নিৰ্বাচন” : কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Spread the love

“এই নির্বাচন অসমীয়া জাতিৰ আত্মসন্মান, অস্তিত্ব আৰু অধিকাৰ সুনিশ্চিত কৰা তথা ভৱিষ্যৎ নিৰ্ধাৰণৰ নিৰ্বাচন” : কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

• “আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ– এই সংকল্পক আমি আগবঢ়াই নিব লাগিব”: সোণোৱাল

৩ এপ্রিল, ২০২৬, মাৰ্ঘেৰিটা, মাজুলী আৰু খোৱাং:

কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে উজনি অসমত নির্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি আজি মাৰ্ঘেৰিটাৰ ইনথেম নগা পথাৰত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ সমৰ্থনত, মাজুলীৰ জেংৰাই আৰু উত্তৰ কমলাবাৰীত ভুৱন গামৰ 
সমৰ্থনত, খোৱাঙৰ বাঁহনি পথাৰত চক্ৰধৰ গগৈৰ সমৰ্থনত জনসভা তথা নাগৰিক সভাত অংশগ্ৰহণ কৰে |<br>অসমৰ উন্নয়নৰ যাত্ৰাক আগবঢ়াই এখন শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে অহা ৯ এপ্ৰিলত 
ৰাইজক উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ বাবে বিজেপিৰ পক্ষত নিজৰ মত প্ৰকাশ কৰিবলৈ আহ্বান জনায় সৰ্বানন্দ সোণোৱালে |<br>কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি কয়, "আজিৰ এই সমাৱেশ কেৱল নিৰ্বাচনী সভা
 নহয়- এয়া অসমীয়া জাতিৰ আত্মসন্মান, অস্তিত্ব আৰু অধিকাৰ সুনিশ্চিত কৰাৰ বাবে এক দৃঢ় সংকল্পৰ মঞ্চ | স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি তোলা মহান ঐতিহ্যৰ ভূমি অসম| এই ভূমিত আমাৰ পৰিচয়, আমাৰ সংস্কৃতি, 
আমাৰ ভাষা আৰু আমাৰ ভৱিষ্যৎ জড়িত আছে| বিগত বছৰবোৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বহু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে|
 লাখ লাখ পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হৈছে, বেদখলমুক্ত অভিযান চলোৱা হৈছে, আৰু আমাৰ ভূমি, কৃষ্টি আৰু স্বাভিমান সুৰক্ষিত কৰাৰ বাবে দৃঢ় পদক্ষেপ লোৱা হৈছে| আজি অসমত শান্তি, উন্নয়ন আৰু আত্মবিশ্বাসৰ
 এক নতুন যুগ আৰম্ভ হৈছে।"সোণোৱালে কংগ্ৰেছক তীব্র কটাক্ষ কৰি কয়, "অসমৰ ইতিহাসত কংগ্ৰেছ দলটোৱে এটা ডাঙৰ অন্যায় কৰিছিল| বছৰ বছৰ ধৰি তেওঁলোকে নিজৰ ভোট বেংকৰ ৰাজনীতিৰ বাবে অসমৰ মাটিত 
অবৈধ বিদেশীক স্থান দিছিল | খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সংকুচিত কৰি তেওঁলোকে অসমৰ সামাজিক আৰু সাংস্কৃতিক ভেটি দুৰ্বল কৰিবলৈ চেষ্টা কৰিছিল| অসম আন্দোলনৰ সময়ত 
নিৰীহ যুৱক-যুৱতীৰ ওপৰত নিৰ্মম অত্যাচাৰচলোৱা হৈছিল, বহুজনৰ জীৱন বলিদান হৈছিল| এই ডাঙৰ অপৰাধৰ বাবে কংগ্রেছক কেতিয়াও ক্ষমা কৰিব নোৱাৰি| আজি পুনৰ সেই
একেই ৰাজনীতিৰে মানুহক কংগ্ৰেছে বিভাজিত কৰাৰ চেষ্টা কৰিছে-- কিন্তু অসমৰ ৰাইজ এতিয়াসচেতন, সজাগ আৰু দৃঢ়প্রতিজ্ঞ। এই নির্বাচন কেৱল একোজন প্ৰাৰ্থীৰ জয়-পৰাজয়ৰ নহয়,
 এইটো আমাৰ ভৱিষ্যৎ নিৰ্ধাৰণৰনিৰ্বাচন] আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ-- এই সংকল্পক আমি আগবঢ়াই নিব লাগিব | " কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলীত 
উপস্থিত হৈ ভাষণ প্ৰসংগত কয়, "সমবেত ৰাইজলৈ ম‍ই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে ওলগ জনালোঁ | মাজুলীবাসী
 ৰাইজে নিজৰ মনৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাই আগন্তক পাঁচ বছৰৰ বাবে মাজুলীৰ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি  সমদৃষ্টি ৰাখি কাম কৰাৰ নিমিত্তে বিধানসভালৈ প্ৰেৰণ কৰিব লাগিব | সেই গুৰুদায়িত্ব বহন কৰাৰ সময় আকৌ আহিল ৰাইজৰ মাজুলীৰ সমাজখন সাংস্কৃতিকভাৱে, বৌদ্ধিকভাৱে আৰু আধ্যাত্মিকভাৱে বহুত আগৰণুৱা | ইতিমধ্যে এই 
পৰিচয়েৰে আপোনালোকে কেৱল অসমতে নহয়, বিশ্বৰ<br>বুকুত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে| কাৰণ মাজুলীলৈ যেতিয়া দেশ- বিদেশৰ পৰ্যটক আহে, বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ উপাদানসমূহ আপোনালোকে 
প্ৰদৰ্শন কৰে-- ৰাস হওক বা আলি-আঃয়ে- লৃগাং হওক-- এইবোৰ দৃশ্যপটে পর্যটকসকলক আকৰ্ষিত কৰে আৰু তেওঁলোকে মাজুলীৰ প্ৰকৃত সৌন্দৰ্য আৱিষ্কাৰ কৰে। তাৰ পৰা এক শক্তিশালী বাৰ্তা লৈ তেওঁলোক নিজৰ গৃহলৈ উভতি যায়|
 ম‍ই যিমান বিদেশী পৰ্যটক বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহ লগ পাইছোঁ, সকলোৱে মাজুলী ভ্ৰমণ কৰাৰ পাছত বহুত প্ৰশংসা কৰিছে | এই বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগতো মাজুলীৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতি আৰু মূল্যবোধ জীয়াই ৰখাৰ
বাবে আপোনালোকে যি পদক্ষেপ লৈছে, সেয়া প্ৰশংসনীয়| যেতিয়া মই ২০১৬ চনত মাজুলীলৈ আহিছিলোঁ আৰু মোক মুখ্যমন্ত্রী প্রার্থী হিচাপে প্ৰক্ষেপ কৰা হৈছিল, তেতিয়া মাজুলীবাসীৰ অফুৰন্ত মৰম-আশিস লাভ কৰিছিলোঁ | 
মাজুলীৰ ৰাইজে মোক নিজৰ পুত্ৰ বুলি গণ্য কৰি বিপুল ভোটত জয়ী কৰিলে| আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতাৰ ফলতেই মই পাঁচ বছৰ অসমৰ সেৱা কৰাৰ সুযোগ পাইছিলোঁ | এই সফলতাৰ অন্তৰালত আপোনালোক
 যথেষ্ট অৱদান আছে-- এই কথা মই কেতিয়াও নাপাহৰিম| ম‍ই মাজুলীক মোৰ মা বুলি অনুভৱ কৰোঁ| মাতৃয়ে যিদৰে সন্তানক ডাঙৰ কৰে, সেইদৰে মাজুলীৰ সমাজখনে মোক ৰাজনৈতিক জীৱনত গঢ়ি তুলিছে| তাৰ বাবে ম‍ই 
আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ | আজি মই আহিছোঁ আমাৰ বিজেপিৰ প্ৰাৰ্থী ভুৱন গাম ডাঙৰীয়াৰ বাবে আশীৰ্বাদ বিচাৰি| তেওঁ এজন সৰল, স্পষ্টবাদী আৰু নম্ৰ মানুহ | জটিলতা<br>নাই, কৃত্রিমতা নাই| এনেধৰণৰ ব্যক্তিক
 জনতাই সহজে বুজি পায় | জনপ্ৰতিনিধিৰ সৰলতা আৰু নম্রতা হৈছে তেওঁৰ আটাইতকৈ ডাঙৰ সম্পদ। জনতাৰ সৈতে সহজে সংযোগ স্থাপন কৰিব পৰা ব্যক্তি সদায় সফল হয়| যিদিনাখন মাজুলীক জিলা হিচাপে ঘোষণা কৰা হৈছিল,
 সেইদিনা মোৰ জীৱনৰ এটা বিশেষ আনন্দৰ মুহূৰ্ত আছিল| বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত বিগত দহ বছৰত মাজুলীত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। মাজুলীক জিলা কৰাৰ ফলত বহু প্রশাসনিক সুবিধা স্থানীয়ভাৱে উপলব্ধ
 হৈছে| মানুহে যোৰহাট বা দিছপুৰলৈ যোৱাৰ প্রয়োজন কমি গৈছে-- সময় আৰু ধন ৰাহি হৈছে| মাজুলীৰ সমাজখন শৃঙ্খলাবদ্ধ, ঐক্যবদ্ধ আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ। এইটোৱেই মাজুলীৰ প্ৰকৃত পৰিচয় | মহাপুৰুষ শ্ৰীমন্ত
 শংকৰদেৱে যি সমাজৰ কল্পনা কৰিছিল— য'ত শান্তি, সমন্বয়, ভাতৃত্ববোধ আৰু মৰম-চেনেহ থাকিব-- সেই সমাজ মাজুলীত দেখা যায়| আগন্তুক দিনবোৰতো শিক্ষা, স্বাস্থ্য, কৃষি, উদ্যোগ, সংস্কৃতি- সকলো ক্ষেত্রতে মাজুলীক 
অধিক শক্তিশালী কৰিবলৈ ভুৱন গামক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনালোঁ | মাজুলীক বিশ্বৰ অন্যতম পর্যটন কেন্দ্র হিচাপে গঢ়ি তুলিব লাগিব| মাজুলী হৈছে প্ৰদূষণমুক্ত অঞ্চল] ইয়াৰ বিশুদ্ধ বায়ু আৰু প্ৰাকৃতিক 
সৌন্দর্যই বিশ্ববাসীক আকৰ্ষিত কৰে| এই সম্ভাৱনাক আমি ব্যৱহাৰ কৰিব লাগিব | যুৱপ্ৰজন্মৰ বাবে কর্মসংস্থাপন সৃষ্টি কৰাত আমি বিশেষ অগ্ৰাধিকাৰ দিছোঁ| মহিলাসকলৰ সবলীকৰণৰ বাবে বহু আঁচনি আগবঢ়োৱা হৈছে| জ্যেষ্ঠ 
নাগৰিকসকলৰ বাবেও সামাজিক সুৰক্ষা নিশ্চিত কৰা হৈছে| বিজেপিৰ সংকল্প পত্ৰত ৩১টা প্রতিশ্রুতি আছে, যি অসমৰ লাখ লাখ মানুহৰ পৰামৰ্শেৰে প্ৰস্তুত কৰা হৈছে| এইবোৰৰ বাস্তৱায়নৰ বাবে এনডিএ চৰকাৰ প্রতিশ্রুতিবদ্ধ|
 মাজুলী শক্তিশালী হ'লে অসম শক্তিশালী হ'ব, আৰু অসম শক্তিশালী হ'লে ভাৰত শক্তিশালী হ'ব|"

Leave a Reply

Your email address will not be published. Required fields are marked *