ডিব্ৰুগড় জিলাত সাধাৰণ পৰ্যবেক্ষকৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা
চাইন অন ডেস্ক:
আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ৰ পৰিপ্ৰেক্ষিতত ৯০-দুলীয়াজান, ৯১-টিংখং আৰু ৯২-নাহৰকটীয়া বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ছিফাং আৰ্থাৰ ৱৰ্চুইয়ো (IAS) আজি নিৰ্বাচনী প্ৰস্তুতি, আন্তঃগাঁথনি, ভোটাৰৰ সুবিধা আৰু নিৰ্বাচনী নীতি-নিৰ্দেশনা পালনৰ বুজ ল’বলৈ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰ আৰু ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰে।
ভ্ৰমণকালত সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে এম.ডি.কে. কন্যা মহাবিদ্যালয়, ডিব্ৰু মহাবিদ্যালয় আৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অনুষ্ঠিত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
ইয়াৰোপৰি, সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে গৰিয়াবাম গাঁও (২২৪ নং ভোটকেন্দ্ৰ, দুলীয়াজান সমষ্টি) ভ্ৰমণ কৰি এজন ৮৫ বছৰৰ ঊর্ধ্বৰ ভোটাৰৰ ‘গৃহ ভোটদান’ (home voting) প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰে আৰু নিৰ্দেশনাৱলীসমূহ সঠিকভাৱে পালন কৰাটো নিশ্চিত কৰে।
তদুপৰি, ২১৪ নং ভোটকেন্দ্ৰ (ৰূপাইবাম এল.পি. স্কুল) আৰু দুলীয়াজান মহাবিদ্যালয়ত অৱস্থিত কেইবাটাও ভোটকেন্দ্ৰ (ভোটকেন্দ্ৰ নং ১৮১, ১৮৩, ১৮৪, ১৯০, ১৯১ আৰু ১৯২) পৰিদৰ্শন কৰা হয়। ভোটকেন্দ্ৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা আৰু বি.এল.অ’ (BLO) সকলৰ দ্বাৰা নতুন ভোটাৰক সময়মতে ডাউনলোড কৰা ই-এপিক (e-EPIC) বিতৰণ নিশ্চিত কৰিবলৈ তেওঁ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে।
সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে দুলীয়াজান লাল বাহাদুৰ শাস্ত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰসমূহো (ভোটকেন্দ্ৰ নং ৩৮, ৩৯, ৪০, ৪১, ৪২ আৰু ৪৩) পৰিদৰ্শন কৰে।