...

গোলাঘাটৰ হাই-প্ৰফাইল যুঁজত বিত্তমন্ত্ৰী অজন্তা নেওগ প্ৰতিদ্বন্দ্বী বিতুপন শইকীয়া

Spread the love

গোলাঘাটৰ হাই-প্ৰফাইল যুঁজত বিত্তমন্ত্ৰী অজন্তা নেওগ প্ৰতিদ্বন্দ্বী বিতুপন শইকীয়া

কংগ্ৰেছে পুনৰ এই দুৰ্গ দখল কৰিবলৈ সক্ষম হ’ব নে ?

চাইন অন ডেস্ক:

অসমৰ অন্যতম ৰাজনৈতিক চৰ্চিত সমষ্টি গোলাঘাটত পুনৰ এবাৰ এক আমোদজনক নিৰ্বাচনী যুঁজৰ বাবে মঞ্চ সষ্টম হৈ উঠিছে। সমষ্টিটোত এইবাৰো দুই পুৰণি প্ৰতিদ্বন্দ্বীৰ মাজতে মূল যুঁজখন হোৱা দেখা যাব — এফালে আছে বিজেপিৰ বৰ্তমানৰ বিধায়িকা তথা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ (৬২) আৰু আনফালে আছে কংগ্ৰেছৰ প্ৰত্যাহ্বানকাৰী বিতুপন শইকীয়া (৫৯)। ইয়াৰ উপৰি নিৰ্দলীয় প্ৰাৰ্থী ৰুবুল বৰাইও এই যুঁজত অবতীৰ্ণ হৈছে।
কিন্তু এইখন কেৱল এক সাধাৰণ নিৰ্বাচনী প্ৰতিযোগিতাই নহয়। এয়া হৈছে অসমৰ আটাইতকৈ দীৰ্ঘকালীন মহিলা বিধায়িকা আৰু এটা শক্তিশালী ৰাজনৈতিক বংশৰ অস্তিত্বৰ যুঁজ, যিয়ে দশক দশক ধৰি গোলাঘাটৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছে। উল্লেখযোগ্য যে গোলাঘাটৰ ৰাইজে দলীয় চিহ্নতকৈ এগৰাকী ব্যক্তিকহে অধিক গুৰুত্ব দি আহিছে — যাৰ ফলস্বৰূপে অজন্তা নেওগে যি দলেই নহওক কিয়, ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছে।
অসমৰ মহিলা বিধায়িকাৰ ইতিহাসত অজন্তা নেওগৰ নিৰ্বাচনী অভিলেখ অতুলনীয়। তেওঁ গোলাঘাটৰ পৰা ২০০১, ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ চনত ধাৰাবাহিকভাৱে পাঁচবাৰকৈ জয়ী হৈছে, যাৰ ফলত তেওঁ ৰাজ্যৰ সৰ্বাধিক কাৰ্যকালৰ মহিলা বিধায়িকা হিচাপে পৰিগণিত হৈছে। তেওঁৰ এই যাত্ৰাৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল এয়ে যে তেওঁ দুটা বেলেগ বেলেগ দলৰ পৰা এই সফলতা অৰ্জন কৰিছে। প্ৰথম চাৰিবাৰ তেওঁ কংগ্ৰেছৰ পৰা জয়ী হৈছিল আৰু ২০২১ চনত গেৰুৱা দল বিজেপিত যোগদান কৰি পুনৰ জয়লাভ কৰিবলৈ সক্ষম হৈছিল।
তেওঁৰ পৰিয়ালৰ ৰাজনৈতিক শিপা অতি গভীৰ। তেওঁৰ প্ৰয়াত মাতৃ তথা কংগ্ৰেছ নেত্ৰী ৰেৱতী দাসে ১৯৭২ চনত জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত জিকি ইতিহাস সৃষ্টি কৰিছিল — যিটো সমষ্টি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰে। অজন্তা নেওগৰ স্বামী প্ৰয়াত নগেন নেওগ আছিল গোলাঘাটৰ দুবাৰৰ কংগ্ৰেছ বিধায়ক (১৯৮৩ আৰু ১৯৯১)। ১৯৯৬ চনত আলফাৰ হাতত নিহত হোৱাৰ পূৰ্বে তেওঁ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সামগ্ৰিকভাৱে, গোলাঘাটত আজিলৈকে অনুষ্ঠিত হোৱা ১১ খন বিধানসভা নিৰ্বাচনৰ ভিতৰত ৭ খনতেই নেওগ পৰিয়ালে জয়লাভ কৰিছে (অজন্তা ৫ আৰু নগেন ২)।
আশ্চৰ্যকৰ কথাটো হ’ল, নেওগ আৰু শইকীয়াৰ এই প্ৰতিদ্বন্দ্বিতা এক ৰাজনৈতিক ওলোটা-পালটৰ পৰিণতি। ২০১৬ চনত যেতিয়া অজন্তা নেওগ কংগ্ৰেছত আছিল, তেতিয়া তেওঁ বিজেপিৰ বিতুপন শইকীয়াক ৫,২১৩ টা ভোটত পৰাস্ত কৰিছিল। পৰৱৰ্তী সময়ত দুয়োৰে দল সলনি হ’ল। ২০২১ চনত বিজেপিৰ প্ৰাৰ্থী হিচাপে অজন্তা নেওগে কংগ্ৰেছৰ বিতুপন শইকীয়াক ৯,৩২৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
নিৰ্বাচন সন্দৰ্ভত অজন্তা নেওগে কয়, “গোলাঘাটৰ ৰাইজে সদায় মোৰ কাম চাইহে মোক বিচাৰ কৰিছে, দলৰ চিহ্ন চাই নহয়। প্ৰতিটো কাৰ্যকালত মই ৰাইজৰ সেই বিশ্বাস ৰক্ষা কৰিবলৈ চেষ্টা কৰি আহিছোঁ।”
ভূমি পৰ্যায়ত চালে দেখা যায় যে গোলাঘাটৰ উন্নত পথ যোগাযোগ ব্যৱস্থা হৈছে অজন্তা নেওগৰ অন্যতম ডাঙৰ সাফল্য। লোকনিৰ্মাণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত গোলাঘাটৰ বাট-পথসমূহ অসমৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাৰ কৃতিত্ব তেওঁ লাভ কৰে।
অৱশ্যে, সমষ্টিটোৰ এটা ডাঙৰ সমস্যা হ’ল ধনশিৰি নদীৰ গৰাখহনীয়া। ইয়াৰ ফলত বহু পৰিয়াল গৃহহীন হোৱাৰ লগতে কৃষিভূমিৰো ব্যাপক ক্ষতি হৈছে, যিটো স্থানীয় ৰাইজৰ বাবে এতিয়াও এক সমাধানহীন চিন্তাৰ বিষয় হৈ আছে।
ঐতিহাসিকভাৱে গোলাঘাট কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল। ইয়াৰ ১১ খন নিৰ্বাচনৰ ভিতৰত ৬ খনত কংগ্ৰেছ, ২ খনত অগপ আৰু বিজেপি, জনতা পাৰ্টি তথা চচিয়েলিষ্ট পাৰ্টিয়ে এটাকৈ জয় লাভ কৰিছে।
এতিয়া ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে সকলোৰে মনত একেটাই প্ৰশ্ন — অজন্তা নেওগৰ ব্যক্তিগত প্ৰভাৱ আৰু উন্নয়নৰ ধাৰাই জয়লাভ কৰিব নে কংগ্ৰেছে পুনৰ এই দুৰ্গ দখল কৰিবলৈ সক্ষম হ’ব ?

Leave a Reply

Your email address will not be published. Required fields are marked *