ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৫ম ৰঞ্জিত কুমাৰ দত্ত Leadership Lecture সম্পন্ন
অনুষ্ঠানটোত ৪২৫ৰ অধিক অংশগ্ৰহণকাৰী
চাইন অন ডেস্ক:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত কালি ৫ম ৰঞ্জিত কুমাৰ দত্ত Leadership Lecture সফলভাৱে অনুষ্ঠিত হয়। এই অনুষ্ঠানটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ (CMS)ৰ উদ্যোগত আয়োজন কৰা হৈছিল। অনুষ্ঠানটোত শিক্ষাবিদ, উদ্যোগ জগতৰ নেতৃস্থানীয় লোক, ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট অতিথিসকলৰ এক উল্লেখযোগ্য সমাবেশ দেখা যায়।
এ

এইবাৰৰ বক্তৃতাটো প্ৰদান কৰে অৱসৰপ্ৰাপ্ত IPS বিষয়া বিজন জন কুমাৰ দেয়ে ( Bijan Kumar Dey) । তেওঁ ভাৰত চৰকাৰৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। প্ৰায় চাৰি দশকৰ দীঘলীয়া সেৱা- জীৱনত তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে। তেওঁৰ বক্তৃতাত নেতৃত্ব, শাসন আৰু জনসেৱাৰ ওপৰত গভীৰ দৃষ্টিভংগী প্ৰকাশ পায়। তেওঁ সততা, পৰিস্থিতিৰ সৈতে খাপ খোৱা ক্ষমতা আৰু ৰাষ্ট্ৰ গঢ়াৰ প্ৰতিশ্ৰুতিক সফল নেতৃত্বৰ মূল স্তম্ভ হিচাপে উল্লেখ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ প্ৰাধ্যাপক প্ৰতীম বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই সভাত উপস্থিত থাকি এনেধৰণৰ বক্তৃতা শৃংখলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰেও অনুষ্ঠানটোত উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানটোত প্ৰায় ৪২৫ জনতকৈ অধিক অংশগ্ৰহণকাৰী উপস্থিত থাকে। ইয়াৰ ভিতৰত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী উপৰিও ডিব্ৰুগড়ৰ আন দুটা শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীও অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত BCPL-ৰ এম ডি প্ৰাঞ্জল চাংমাই, জালান ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক মনোজ জলানকে ধৰি বহু গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়াই নুমলীগড় ৰিফাইনেৰীৰ প্ৰাক্তন এম ডি তথা এই বক্তৃতা-শৃংখলাৰ পৃষ্ঠপোষক এছ. কে. বৰুৱাই।