ভেৰগাঁৱত ইউপিপিএলৰ নেৰচন বড়োৰ সমৰ্থনত বৃহৎ ই-ৰিক্সা ৰেলী
ভেৰগাঁও:
অসম বিধান সভা নিৰ্বাচনলৈ মাজত মাথোঁ ৬ দিন বাকী থকা সময়লৈ এনডিএ দলৰ লগতে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন কাৰ্যসূচীৰে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷কালি ওদালগুৰি জিলাৰ নবগঠিত ৪৫ নং ভেৰগাঁও বিধান সভা সমষ্টিত
ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী নেৰচন বড়োৰ সমৰ্থনত এক বৃহৎ ই-ৰিক্সা ৰেলী বাহিৰ কৰা হয় ৷ কালি পুৱা দহ বজাত ভেৰগাঁও চাৰিআলিৰ পৰা শুভাৰম্ভ কৰা ই-ৰিক্সা ৰেলীৰ ফ্লেগ অফ কৰে মনোনীত প্ৰাৰ্থী নেৰচন বড়োৱে ৷ উক্ত কাৰ্যসূচীৰ মুকলি কৰে এমচিএলএ দাউবাইচা বড়োৱে ৷ তেওঁ নিজৰ ভাষণত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে বিটিআৰৰ লগতে অসমত থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি আৰু প্ৰগতিৰ বাবে কাম কৰিছে আৰু এই নিৰ্বাচনত বিটিআৰ অঞ্চলৰ ২৬ টা জনগোষ্ঠীৰ সম উন্নয়ণ ,সম 