...

ভোটাৰ সজাগতা বৃদ্ধিৰ লক্ষ্য

Spread the love

ভোটাৰ সজাগতা বৃদ্ধিৰ লক্ষ্য

 

‘ডিব্ৰুগড়ত ৰাজ্যিক SVEEP আইকন পেৰাচাইক্লিষ্ট বাকেশ বণিক

চাইন অন ডেস্ক:

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ১ এপ্ৰিল তাৰিখে বিধানসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় আইকন তথা পেৰা চাইক্লিষ্ট শ্ৰী ৰাকেশ বনিকৰ উপস্থিতিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাংগণত “SVEEP” কোষৰ উদ্যোগত তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ সহযোগত নতুন ভোটাৰ সকলৰ নিৰ্বাচনত সক্ৰিয় অংশগ্ৰহণ আৰু সজাগতাৰ সৃষ্টিৰ উদ্দেশ্য এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় আইকন গৰাকীয়ে নতুন ভোটাৰ সকলক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাৰ লগতে তেওঁলোকে যে এখন সুস্থ আৰু সবল গনতন্ত্ৰ প্ৰতিষ্ঠা কৰাত ক্ষেত্ৰত প্ৰধান ভূমিকা বহন কৰিব পাৰে সেই কথা অৱগত কৰে।

নতুন ভোটাৰসকলক নিৰ্বাচনী প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰি ৰাষ্ট্ৰীয় আইকনগৰাকীয়ে কয় যে এক সুস্থ আৰু সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ন-ভোটাৰসকলৰ ভূমিকা অপৰিসীম। অনুষ্ঠানত তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে শিক্ষাৰ্থীসকলে গ্ৰহণ কৰা বিভিন্ন কৌশলসমূহ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *