...

ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত প্ৰধানমন্ত্ৰী মোদী

Spread the love

ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত প্ৰধানমন্ত্ৰী মোদী

আধা কেজি কেঁচা চাহপাত ছিঙিলে প্ৰধানমন্ত্ৰী মোদীয়ে

১৯ গৰাকী মহিলা শ্ৰমিকৰ সৈতে ১০-১৫ মিনিট বাৰ্তালাপ মোদীৰ

নিজেও চাহ বিক্ৰী কৰাৰ কথা সোঁৱৰিলে প্ৰধানমন্ত্ৰীয়ে

চাইন অন ডেস্ক :

আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ সেউজীয়া পৰিৱেশত উপস্থিত হৈ চাহ শ্ৰমিকসকলৰ সৈতে এক সৌহাদ্য সময় অতিবাহিত কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ মহিলা চাহ শ্ৰমিকসকলৰ সৈতে চাহ পাত ছিঙাৰ লগতে তেওঁলোকৰ জীৱন-জীৱিকাৰ বিষয়ে কথা পাতে আৰু চেলফীতো অংশ গ্ৰহণ কৰে।
কালি নিশা ডিব্ৰুগড়ত উপস্থিত হৈ মনোহাৰী চাহ বাগিচাত নিশা যাপন কৰা মোদীয়ে পুৱাই বিশাল চাহ বাগিচাখন কিছু সময় ভ্ৰমণ কৰি আপ্লুত হৈ আৰু শ্ৰমিকসকলৰ মাজত প্ৰায় ১০/১৫ মিনিট সময় কটায়। অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰম্পৰাগত ৰঙা পাৰি দিয়া বগা শাড়ী পৰিহিত মহিলা শ্ৰমিকসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে চাহ পাত ছিঙাও পৰিলক্ষিত হয়।প্ৰায় আধা কেজি কেঁচা চাহপাত ছিঙিলে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিক মহিলাসকলৰ সৈতে অতি সহজ তথা সৰলভাৱে কথা পাতি তেওঁলোকৰ সন্তানৰ শিক্ষা, দৈনিক মজুৰি, কামৰ সময় আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য কাৰ্ড লাভ কৰিছে নে নাই সেই বিষয়ে সোধা-পোছা কৰে। ইয়াৰ উপৰিও তেওঁ চাহ বাগিচাৰ ভিতৰত থকা চিকিৎসালয়ৰ সা-সুবিধাৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে মহিলা চাহ শ্ৰমিকসকলে পৰিৱেশন কৰা পৰম্পৰাগত ঝুমুৰ নৃত্যও উপভোগ কৰে।প্ৰধানমন্ত্ৰীয়ে, মনোহাৰী চাহ বাগিছাৰ মহিলা শ্ৰমিকৰ সৈতে বাৰ্তালাপৰ সময়ত নিজেও চাহ বিক্ৰী কৰাৰ কথা সোঁৱৰিলে।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণত আপ্লুত হৈ এগৰাকী মহিলা চাহ শ্ৰমিকে তেওঁলোকৰ কামৰ পৰিৱেশৰ সবিশেষ জানিবলৈ দি কয়, “তেওঁ আমাক বহুত কথা সুধিলে— আমাৰ ল’ৰা-ছোৱালী, কাম আৰু স্বাস্থ্যসেৱাৰ বিষয়ে। আমি তেওঁক ক’লোঁ যে আমি দিনে ২৫০ টকাকৈ পাওঁ, মাহত ২৪ দিন কাম কৰোঁ আৰু ৬ দিন ছুটী পাওঁ। আমাৰ কাম বিয়লি ৪:৩০ বজাত শেষ হয়।”
এই আদান-প্ৰদানৰ সময়ত শ্ৰমিকসকলৰ মাজত এক উষ্ম পৰিৱেশৰ সৃষ্টি হয় আৰু বহুতৰে বাবে প্ৰধানমন্ত্ৰীৰ সৈতে চেলফী লোৱাটো এক চিৰস্মৰণীয় মুহূৰ্ত হৈ পৰে।পিছত মোদীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’-ৰ জৰিয়তে চাহ জনজাতীয় সমাজৰ প্ৰতি শ্ৰদ্ধা নিবেদি লিখে, “প্ৰতিটো চাহ বাগান পৰিয়ালৰ প্ৰচেষ্টাক লৈ আমি অতি গৌৰৱান্বিত। তেওঁলোকৰ পৰিশ্ৰম আৰু দৃঢ়তাই অসমৰ গৌৰৱ বৃদ্ধি কৰিছে।” আন এটা পোষ্টত তেওঁ আনন্দৰে লিখে, “চাহ পাত ছিঙাৰ পিছত মহিলাসকলে তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে কথা পাতিলে আৰু লগতে চেলফীও লোৱা হ’ল!”
বাগিচা ভ্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে ধেমাজি জিলাৰ গোগামুখলৈ ৰাওনা হয় আৰু তাত অসমৰ প্ৰথমখন নিৰ্বাচনী সভাত ভাষণ দি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।
মনোহাৰী চাহ বাগিচাৰ এই ভ্ৰমণ আছিল অত্যন্ত ব্যক্তিগত আৰু প্ৰতীকী, যিয়ে অসমৰ নিৰ্বাচনী অংকত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে চাহ শ্ৰমিক সমাজৰ কাষ চপাৰ বিজেপিৰ এক নিশ্চিত প্ৰয়াসক প্ৰতিফলিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *