ঢকুৱাখনাত কোনে মাৰিব শেষ হাঁহি ?
বিজেপি – কংগ্ৰেছৰ মাজত হ’ব মূল যুঁজ
ঢকুৱাখনা সমষ্টিত নৱ কুমাৰ দলে বনাম আনন্দ নৰহ
ঢকুৱাখনা:
৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলে সমষ্টিটো দখলৰ বাবে পৃথকে পৃথকে চলাইছে যুদ্ধংদেহী তৎপৰতা। সমষ্টিটোৰ পৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যৰে চাৰিগৰাকী প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰিছে যদিও মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতেই যে হ’ব সেয়া নিশ্চিত হৈ পৰিছে। কংগেছৰ প্ৰাৰ্থী আনন্দ নৰহ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তিনিবাৰৰ বিধায়ক নৱ কুমাৰ দলেৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ দিশে অগ্ৰসৰ হৈছে। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ঢকুৱাখনা সমষ্টিৰ মুঠ ভোটাৰ ১,৬২,৭০৩ ।ইয়াৰে ৮১,৮৪০ জন পুৰুষ ভোটাৰ আৰু ৮০৮৬৩ মহিলা ভোটাৰ।এটা সময় আছিল এই সমষ্টি কংগেছৰ দুৰ্গ। ১৯৮৫ চনৰ পৰা ২০০৬ চনলৈ পাঁচটা কাৰ্যকাল ঢকুৱাখনা সমষ্টিৰ পৰা জয়লাভ কৰা উত্তৰ অসমৰ কংগ্ৰেছৰ অপ্ৰতিদ্বন্দ্বী

সমগ্র দেশৰ লগতে অসমতো নৰেন্দ্র মোদীৰ ঢৌ উঠাত পৰৱৰ্তী সম়য়ত বিজেপি দলত যোগদান কৰে নৱ কুমাৰ দলেয়ে।পৰৱৰ্তী সময়ত ২০১৬ আৰু ২০২১ চনৰ নিৰ্বাচনত নৱ কুমাৰ দলেই ভাৰতীয় জনতা পাৰ্টীৰ টিকটত প্রতিদ্বন্দ্বিতা কৰি জয়ী হয়।২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰীত্ব লাভ কৰা নৱ কুমাৰ দলেইএইবাৰ মিলাই সমষ্টিটোত চতুৰ্থ বাৰৰ বাবে বিধায়কৰ আসনখনৰ বাবে ভোট যুদ্ধত অবতীর্ণ হোৱাৰ সুয়োগ পাইছে।যোৱাতো নিৰ্বাচনত ঢকুৱাখনা সমষ্টিত মুঠ ৫জন প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । মূল প্ৰতিদ্বন্দ্বিতা হৈছিল কংগ্রেছৰ পদ্মলোচন দলে আৰু বিজেপিৰ নৱ কুমাৰ দলেৰ মাজত।নৱ কুমাৰ দলেৰ প্ৰাপ্ত ভোটৰ সংখ্যা আছিল ৮৬হেজাৰ ৩৮২ টা । আনহাতে কংগ্রেছৰ পদ্মলোচন দলে পাইছিল ৭৬ হেজাৰ ৭৮৬ টা ভোট ।নৱ কুমাৰ দলেই ৯হেজাৰ ৫৯৬টা ভোটত পদ্মলোচন দলেক পৰাস্ত কৰিছিল ৷ সমষ্টিটোত মুঠ ভোটদান হৈছিল ১ লাখ ৬৯ হেজাৰ ৯৪৪ টা । ন’টাত ভোট পৰিছিল ১ হেজাৰ ২৫৪ টা । ভোট নাকচ হৈছিল ৮৮ টা ।সমষ্টিটোত মূলতঃ কংগ্ৰেছ -বিজেপিৰ মাজতেই প্ৰতিদ্বন্দিতা হ’ব যদিও পোন্ধৰ বছৰীয়া ৰাজনীতিৰে পৰিপুষ্ট বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেক প্ৰথমবাৰৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰা আনন্দ নৰহে কেনেদৰে প্ৰত্যহ্বান জনাব সেয়া হ’ব লক্ষণীয়।আনহাতে হিতাধিকাৰী সৃষ্টিত অতি পাকৈত ভাৰতীয় জনতা পাৰ্টীৰ ঢৌ সমষ্টিৰ চৌদিশে বলিছে যদিও এতিয়াও স্পষ্ট হোৱা নাই সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব।