...

ৰাজপথ নে যমপুৰী ? উন্নয়নৰ জীয়া ছবি !

Spread the love

ৰাজপথ নে যমপুৰী ? উন্নয়নৰ জীয়া ছবি !

বিধ্বস্ত ৰাজপথত হাতেকামে লাগিল ৰাইজ

যোগীপাৰাত যাতায়াতৰ পুতৌলগা ছবি

চাইন অন ডেস্ক:

সন্মুখন অসম বিধানসভা নিৰ্বাচন৷ বিভিন্ন উন্নয়নৰ শ্ল’গানেৰে ভোট আদায়ত ব্যস্ত হৈ পৰিছে জনপ্ৰতিনিধি সকল৷ তাৰ মাজতে কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীপাৰাত বিধ্বস্ত ৰাজপথৰ এক পুতৌলগা ছবি পোহৰলৈ আহিছে৷ বাৰিষা অহাৰ লগে লগে যেন যমপুৰীত পৰিণত হৈছে যোগীপাৰাৰ পৰা গোৱালপাৰা জিলা সংযোগী তেলিপাৰা গাঁৱলৈ যোৱা পথচোৱা৷ বাইক, চাইকেল, গাড়ীতো দূৰৰে কথা খোজকাঢ়ি যাবলৈও একশবাৰ ভাবিব লাগে পথচোৱাৰে৷ পথচোৱা মেৰামতি কৰিবৰ বাবে বিভাগীয়ভাৱে তথা তদানীন্তন জনপ্ৰতিনিধিক বহু আৱেদন নিবেদন কৰিও কোনো সুফল নাপালে ৰাইজে৷ সেয়েহে প্ৰতিবছৰৰ দৰে এইবাৰো গাঁৱখনৰ যুৱক সকলে আজি সমূহীয়াভাৱে পথচোৱা মেৰামতি কৰিবলৈ ওলাই আহিল৷ জনপ্ৰতিনিধিলৈ বাট নাচাই সকলোৱে হাতে কামে লাগি কোনোমতে আহযাহ কৰিব পৰাকৈ মেৰামতি কৰি লয় পথচোৱা৷ অতিশীঘ্ৰে যোগীপাৰাৰ পৰা গোৱালপাৰা জিলা সংযোগী তেলিপাৰা গাঁৱলৈ যোৱা উক্ত পথচোৱা পকীকৰণেৰে জনযাতায়তৰ আহুকাল দূৰ কৰিবলৈ দাবী জনাইছে ৰাইজে৷

Leave a Reply

Your email address will not be published. Required fields are marked *