...

জাহ্নু বৰুৱালৈ ম’মাই তামুলি বৰবৰুৱা বঁটা প্ৰদান টাইপাৰ

Spread the love

জাহ্নু বৰুৱালৈ ম’মাই তামুলি বৰবৰুৱা বঁটা প্ৰদান টাইপাৰ

 

এই বঁটাটি লাভ কৰাৰ পাছত আনন্দ প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই:জাহ্ন বৰুৱা

চাইন অন ডেস্ক:

বিশিষ্ট ছৱি নিৰ্মাতা, পৰিচালক জাহ্নু বৰুৱাক দেওবাৰৰ দিনা প্ৰদান কৰা হয় ম’মাই তামুলি বৰবৰুৱা বঁটা। প্ৰতি বছৰৰ দৰে এইবাৰো টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে ম’মাই তামুলি বৰবৰুৱা বঁটা জাহ্ন বৰুৱাক আনুষ্ঠানিকভাবে প্ৰদান কৰে। ডিব্ৰুগড় আমোলাপট্টি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট ছৱি নিৰ্মাতা জাহ্ন বৰুৱাই বঁটা গ্ৰহণ কৰি নিজকে অতি সৌভাগ্যৱান বুলি উল্লেখ কৰি কয়, এই বঁটাটি লাভ কৰাৰ পাছত আনন্দ প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই। ম’মাই তামুলি বৰবৰুৱাৰ দৰে ব্যক্তি আমাৰ ডাঙৰ খুঁটি আছিল। আমি ম’মাই তামুলি বৰবৰুৱাক লৈ যথেষ্ট গৌৰৱ কৰো। ম’মাই তামুলি বৰবৰুৱাক লৈ আমাৰ যথেষ্ট কৰণীয় আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ম’মাই তামুলী বৰবৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ আঁদৰণি সমিতিৰ সভাপতি ড০ দীপক চেতিয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত আঁদৰণি ভাষণ প্ৰদান কৰে টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দীপ দুৱৰাই। আনহাতে এই বঁটাৰ লগত আছে জনগোষ্ঠীয় সাজ, ফাৰু, ফ্ৰা চিত, চেলেং, ফুলাম গামোচা, স্মাৰক, সম্বৰ্ধনা পত্ৰ, হেংদাং আৰু নগদ ধন। অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলি, মুখ্য উপদেষ্টা দিলীপ গগৈ, কাৰ্যকৰী সভাপতি ভৃগু হাতিমুৰীয়া, যুটীয়া সম্পাদক সুভন কোঁৱৰ, আজীৱন উপদেষ্টা ননী কুমাৰ গগৈ, আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, সম্পাদক ভাস্কৰ বৰগোহাঁই, টাই আহোম মহিলা পৰিষদৰ কেন্দ্ৰীয় সভানেত্ৰী মন্দিৰা চাংমাই, সম্পাদিকা নয়নমনি বুঢ়াগোহাঁই, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ আদিয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *