...

নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে প্ৰশাসনৰ উচ্ছেদ অভিযান

Spread the love

নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে প্ৰশাসনৰ উচ্ছেদ অভিযান

 

ডিব্ৰুগড়ত ঐতিহাসিক ফনী বাংলোত
মহাত্মা সেৱাগ্ৰাম এন জি অ’ই ঐতিহাসিক ফনী বাংলো বেদখলত ৰাখিছিল!

চাইন অন ডেস্ক:

ৰাজ্যত নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পাছতে ডিব্ৰুগড় জিলা প্ৰশাসনে সোমবাৰৰ দিনা চলালে বৃহৎ উচ্ছেদ অভিযান। বছৰ বছৰ ধৰি ডিব্ৰুগড় মহানগৰৰ সমীপৰ বৰলুইতৰ পাৰত বেদখল কৰি থকা প্ৰায় ৯ বিঘা ভূমিত উচ্ছেদ চলালে জিলা প্ৰশাসনে। ডিব্ৰুগড় আদালতে ২০২২ চনত প্ৰদান কৰা ৰায়ৰ ভিত্তিত মহানগৰখনৰ ঐতিহাসিক ফনী বাংলোৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলালে উচ্ছেদ অভিযান। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ ঠিক কেইটামান মুহুৰ্তৰ পাছতে জিলা প্ৰশাসনে বুলডজাৰ লৈ প্ৰায় ৬০ টাৰো অধিক বাসগৃহত চলালে উচ্ছেদ। উত্থাপিত অভিযোগ অনুসৰি অমৃত বৰগোহাঁই আৰু নজমুল নিচা নামৰ দুই দম্পত্তিয়ে মহাত্মা সেৱাগ্ৰাম নামৰ এন জি অ’ৰ জৰিয়তে ঐতিহাসিক ফনী বাংলো বেদখল কৰি ৰাখিছিল। তদুপৰি সম্পূৰ্ণ নীতি-বহিৰ্ভূতভাৱে একাংশ সন্দেহজনক লোকক ভাড়াতীয়া হিচাপে দি ৰাখিছিল ফনী বাংলো। জানিব পৰামতে, ষাঠি-সত্তৰ দশকত ডাঃ ফনী ঘোষ নামৰ এজন চিকিৎসকে অৱসৰ গ্ৰহণ কৰাৰ পাছত বাংলোটোৰ সৈতে প্ৰায় ৯ বিঘা ভূমি দান গৈছিল অসম চিকিৎসা মহাবিদ্যালয়ক। কিন্তু এএমচি কৰ্তৃপক্ষৰ হেমাহীৰ বাবে বাংলোটো নিজৰ অধীনলৈ অনা নাছিল। বিগত সময়ছোৱাত বাংলো আৰু ইয়াৰ সমীপৰ এলেকাত একাংশ লোকে বেদখল কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছতে এএমচি কৰ্তৃপক্ষই জিলা প্ৰশাসনক ভূমিখিনি উদ্ধাৰৰ বাবে আবেদন জনায়। সেইমতে জিলা প্ৰশাসনে আদালতত গোচৰ তৰে। আদালতে দীৰ্ঘবছৰৰ পাছত অৰ্থাৎ ২০২২ চনত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ১৮ বছৰীয়া ন্যায়িক যুঁজৰ অন্ততঃ ফনী বাংলোৰ ভূমি নিজৰ অধীনত লাভ কৰিবলৈ সক্ষম হৈছে অসম চিকিৎসা মহাবিদ্যালয়ে। আন এক উত্থাপিত অভিযোগ অনুসৰি জলসম্পদ বিভাগত কৰ্মৰত এজন কৰ্মচাৰীয়ে একাংশ লোকক ২০ হাজাৰ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত ফনী বাংলোৰ ভূমি বিক্ৰী কৰিছিল। দালালৰ কৱলত পৰি ফনী বাংলোৰ মাটি কিনি দিশহাৰা হৈ পৰিছে একাংশ উচ্ছেদিত পৰিয়াল। ঘৰ-বাৰী হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে উচ্ছেদিত পৰিয়াল। উচ্ছেদিতৰ অভিযোগ অনুসৰি উচ্ছেদৰ পূৰ্বে ডিব্ৰুগড় জিলা প্ৰশাসনে আগতীয়াকৈ দিয়া নাছিল কোনোধৰণৰ জাননী। অকস্মাতে বুলডজাৰ লৈ উচ্ছেদ কৰিবলৈ অহাত পথৰ ভিক্ষাৰী হ’বলগীয়া হৈছে বহু উচ্ছেদিত পৰিয়াল। ২০২২ চনতে এএমচি পক্ষত দিয়াত ঐতিহাসিক ৰায়ৰ পাছত চাৰি বছৰ অৰ্থাৎ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *