টুপামাৰীত প্ৰধান শিক্ষকৰ অবিবেচকী কাণ্ড!
জাবৰ চাফাইৰ বাবে কনমানি ছাত্ৰক উঠালে টিনপাতৰ ওপৰত
নগৰবেৰা:
এগৰাকী প্ৰধান শিক্ষকৰ অবিবেচকী কাণ্ডক লৈ চৰ্চা চলিছে কামৰূপৰ টুপামাৰী অঞ্চলত।একাংশ কণ কণ ছাত্ৰই চৰকাৰী বিদ্যালয় গৃহৰ টিনপাতৰ ওপৰত উঠি চাফা কৰিছে আৱৰ্জনা।অতি বিপদজনকভাবে ছাত্ৰ কেইজনে বিদ্যালয় গৃহৰ টিনপাতৰ পৰা নমাইছে লেতেৰা জাৱৰ-জোঠৰ।কামৰূপ জিলাৰ ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ ৪৬৫ নং টুপামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জমিৰ উদ্দিন আহমেদে ছাত্ৰ ছাত্ৰীক খটুৱাইছে বিপজ্জনক কামত।পিছে এয়া কেৱল এদিনৰ দৃশ্য নহয় প্ৰায়ে হেনো বিদ্যালয়ৰ বিভিন্ন কাম কাজ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে কৰোৱায় প্ৰধান শিক্ষক গৰাকীয়ে।
কেনেবাকৈ এজন ছাত্ৰ পৰিব লাগিলে নিঃসন্দেহে অথন্তৰ হ’ব ,পদে-পদে প্ৰাণলৈ শংকা শিশু ছাত্ৰৰ।শীঘ্ৰেই কাণ্ডজ্ঞানহীন বিদ্যালয় প্ৰধান জমিৰ উদ্দিন আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে।