...

দায়িত্ব অর্পণ কৰিব অক্ষৰ পেটেলৰ ওপৰত!

Spread the love

দিল্লীৰ অধিনায়ক হ’বলৈ অনিচ্ছুক ৰাহুল!

নতুন দিল্লী,১২মার্চঃচেম্পিয়নছ ট্রফী শেষ। এইবাৰ আইপিএল। দিল্লী কেপিটেলে ১৪ কোটি টকাত ক্ৰয় কৰিছিল লোকেশ ৰাহুলক। স্বাভাৱিকতে ধাৰণা কৰা হৈছিল যে দিল্লীয়ে ৰাহুলক’ অধিনায়ক হিচাপে নিযুক্তি দিব। কিন্তু ৰাহুলে দলটোৰ অধিনায়ক হ’বলৈ ইচ্ছুক নহয়। ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএল। নিলামত দিল্লীয়ে ৰাহুলক ১৪ কোটি টকাত ক্রয় কৰিছিল যদিও তাৰকা ক্রিকেটাৰগৰাকীয়ে দিল্লী কেপিটেলছৰ অধিনায়ক হ’বলৈ অনিচ্ছা প্রকাশ কৰে। ফলত, অক্ষৰ পেটেলক দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। সূত্ৰ অনুসৰি, অক্ষৰক দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব পাৰে। ফ্রেনচাইজীটোৱে ৰাহুলক অধিনায়কত্বৰ প্ৰস্তাৱ দিছিল। অৱশ্যে তেওঁ অধিনায়ক হিচাপে নহয়, ক্রিকেটাৰ হিচাপে দলত থাকিব বিচাৰে। ২০১৯ চনৰ পৰা দিল্লীত আছে অক্ষৰ। দিল্লীয়ে ১৮ কোটি টকাৰ বিনিময়ত তেওঁক ধৰি ৰাখিছিল। এইবাৰ তেওঁ অধিনায়ক হ’বও পাৰে। দিল্লীয়ে ২৪ মাৰ্চত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলি আইপিএলত অভিযান চলাব।

Leave a Reply

Your email address will not be published. Required fields are marked *