...

ধুবুৰী চহৰৰ মাজমজিয়াৰ এটা ক্লাবত আৰক্ষীৰ অভিযান

Spread the love

ধুবুৰী চহৰৰ মাজমজিয়াৰ এটা ক্লাবত আৰক্ষীৰ অভিযান

ক্ৰিকেট সংক্ৰান্তীয় বেটিং চলাৰ সন্দেহত অভিযান আৰক্ষীৰ

ধুবুৰী:

ধুবুৰীৰ একাংশ ক্লাৱত দীৰ্ঘদিনৰ পৰাই তাচপাতৰ জুৱা চলি থকাৰ বিষয়টো লৈ অৱশেষত যেন গা লৰিল ধুবুৰী আৰক্ষীৰ। তাকেই প্ৰতিপন্ন কৰি যোৱানিশা অকষ্মাতে চহৰখনৰ ২নং ৱাৰ্ডৰ এটা ঘন জনবসতিপূৰ্ণ অঞ্চলত থকা এটা আগশাৰীৰ ক্লাৱত অভিযান চলায় ধুবুৰী আৰক্ষীৰ এটি দলে। অৱশ্যে, ক্ৰিকেটৰ বেটিং চলাৰ সন্দেহত ক্লাবটোত অভিযান চলোৱা বুলি দাবী কৰা পোৱা যায় অভিযানকাৰী দলটোৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়া গৰাকীয়ে। লগতে ক্লাবটোত উপস্থিত থকা প্ৰায় ১৬ গৰাকী ব্যক্তিৰ মোবাইল সমূহ পৰীক্ষা কৰি থকা বুলিও সদৰি কৰে তেওঁ। সাংবাদিকৰ প্ৰশ্নত বিষয়াগৰাকীয়ে তাচপাত আৰু সুৰাৰ বটল ক্লাবটোত দেখা বুলিও উল্লেখ কৰিলেও কাকো সুৰা সেৱন কৰি থকা অৱস্থাত নোপোৱা বুলিও মন্তব্য আগবঢ়ায়। ইপিনে,প্ৰায় ৪/৫ ঘন্টা ধৰি চলা অভিযানৰ অন্তত যোৱাকালি প্ৰায় মাজনিশাৰ ফালে ক্লাবটোৰ পৰা ৫ গৰাকী লোকক ধুবুৰী সদৰ থানালৈ নিয়া হয় আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে। অৱশ্যে আজি পুৱা নটিচ প্ৰদান কৰি ৫ গৰাকীক মোকোলাই দিয়া বুলি প্ৰকাশ। ইয়াতে, উল্লেখনীয় যে, যোৱানিশা চলা আৰক্ষীৰ সেই অভিযানৰ সময়ত ক্লাবটোত এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষও উপস্থিত থকা বুলিও কিন্তু স্থানীয় মহল একাংশত বুবু-বাবা আৰম্ভ হোৱা পোৱা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *