...

নিউ মিছামাৰী ৰেলৱে ষ্টেচনত ডিব্ৰুগড় – হাওৰা কামৰূপ এক্সপ্ৰেছৰ ষ্টপেজ

Spread the love

নিউ মিছামাৰী ৰেলৱে ষ্টেচনত ডিব্ৰুগড় – হাওৰা কামৰূপ এক্সপ্ৰেছৰ ষ্টপেজ

বিধায়ক গণেশ কুমাৰ লিম্বুৱে ফ্লেগঅফ কৰি শুভাৰম্ভ

ধন্যবাদ জ্ঞাপন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক

মিছামাৰী:

শোণিতপুৰ জিলাৰ অন্যতম ৰেল ষ্টেচন মিছামাৰীৰ নিউ মিছামাৰী ৰেলৱে ষ্টেচনত আজিৰ পৰা ডিব্ৰুগড় – হাওৰাৰ মাজত চলাচল কৰা দ্ৰুতবেগী কামৰূপ এক্সপ্ৰেছ ৰেলগাড়ীৰ ষ্টপেজৰ ব্যৱস্থা কৰাত অঞ্চলটোৰ ৰেল যাত্ৰী সকলে উৎফুল্লিত হৈছে ৷ বিশেষকৈ ডিব্ৰুগড় আৰু হাওৰা লৈ যাবলগীয়া ৰেল যাত্ৰী সকলৰ কাৰণে সুবিধাজনক হৈছে ৷ ভাৰতীয় ৰেল সেৱাৰ ৰঙিয়া ডিভিজনৰ অন্তৰ্গত নিউ মিছামাৰী ৰেলৱে ষ্টেচনত ডিব্ৰুগড়ৰ পৰা হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছ ৰেলগাড়ী খন আজি পুৱা আহি পোৱাৰ লগেলগে ৰেলৰ চালকক বিধায়ক গণেশ কুমাৰ লিম্বুৱে এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই আৰু ৰেলৱে ফ্লেগ আপ কৰি ষ্টেচনটোৰ পৰা এক্সপ্ৰেছ ৰেলগাড়ী খনৰ যাত্ৰা শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে ডিব্ৰুগড় ষ্টেচনৰ পৰা যাত্ৰা কৰা ৰেলগাড়ী খন পুৱা ৭-৩০ বজাত নিউ মিছামাৰী ৰেল ষ্টেচন আহি পোৱাৰ পূৰ্বে ষ্টেচনটোৰ বিষয়া কৰ্মচাৰী সকলে আয়োজন কৰা অনুষ্টুপীয়া অনুষ্ঠানত বিধায়ক গণেশ কুমাৰ লিম্বুক ফুলাম গামোছা, জাপি আদিৰে সম্বৰ্ধনা জনাই আৰু কিছু সময়ৰ পাছতে ৰেলগাড়ী খন নিউ মিছামাৰী ৰেলৱে ষ্টেচনত ষ্টপেজ দিয়াৰ লগেলগে বিধায়ক গণেশ কুমাৰ লিম্বু আৰু তেওঁৰ লগত অহা বিজেপি দলৰ নেতা কৰ্মী, অঞ্চলটোৰ পঞ্চায়ত সভাপতি, সভানেত্ৰী, কাউঞ্চিলৰ,সদস্য সদস্যা সকলে ৰেলগাড়ীৰ চালক থকা ডবাটোৰ ওচৰলৈ যায় আৰু বিধায়ক গৰাকী চালকক ফুলাম গামোছা পিন্ধাই শুভেচ্ছা জনাই ৷ সোমবাৰ আৰু শুক্ৰবাৰ সপ্তাহত দুদিনকৈ চলাচল কৰা ৰেলগাড়ী খন আজিৰে পৰা নিউ মিছামাৰী ৰেল ষ্টেচনত ষ্টপেজ দিয়াৰ লগেলগে বিশেষ কৈ ডিব্ৰুগড় আৰু হাওৰালৈ যাতায়াত কৰিবলগীয়া ৰেল যাত্ৰী সকলে আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয় ৷ ৰেল ষ্টেচনটোত ৰাজধানী এক্সপ্ৰেছ ৰেল গাড়ীকে আদিকৰি দেশৰ বিভিন্ন প্ৰান্তলৈ যাতায়ত কৰা ৰেলগাড়ীৰ সমান্তৰাল কৈ ডিব্ৰুগড় আৰু হাওৰা ষ্টেচনৰ মাজত চলাচল কৰা ৰেলগাড়ী খন নিউ মিছামাৰী ৰেল ষ্টেচনত ষ্টপেজ দিয়াৰ লগেলগে অঞ্চলটোৰ ৰেল যাত্ৰী সকলে উৎফুল্লিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, ৰেলমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *