কাৰ্বি আংলঙৰ চকীহোলাত দুর্ঘটনাগ্রস্ত বায়ুসেনাৰ ছুখয়-৩০ যুদ্ধ বিমান
যোৰহাটৰ পৰা উৰা মৰাৰ পিচতে নিখোজ হৈছিল বিমানখন
চাইন অন ডেস্ক:
ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান এখন কালি নিশাৰ ভাগত অপ্রত্যাশিতভাৱে কাৰ্বি আংলং জিলাৰ চকীহোলাৰ ওচৰৰ দুৰ্গম পাহাৰত দুর্ঘটনাগ্রস্ত হোৱা ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুর্ঘটনাগ্রস্ত বিমানখন বায়ুসেনাৰ ছুখয়-৩০ এম কে আই বুলি জানিব পৰা গৈছে। ভাৰতীয় বায়ুসেনাই সদৰী কৰা
তথ্য অনুসৰি বিমানখনে নিশা প্রায় সাত বজাত যোৰহাটত থকা বায়ুসেনাৰ বিমানঘাটিৰ পৰা উৰা মাৰিছিল। ইয়াৰ কিছুসময় পিচতে বিমানখনে ইয়াৰ নিয়ন্ত্রণ কক্ষৰ সৈতে সংযোগ হেৰুৱাই পেলায়। যুদ্ধ বিমানখন এনেদৰে হঠাৎ নিখোজ হৈ পৰাত বায়ুসেনা বাহিনীৰ
স্বাভাৱিকতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বায়ুসেনাই সদৰী কৰামতে বিমানখনৰ সৈতে শেষবাৰৰ বাবে ৭.৪২ বজাত যোগাযোগ স্থাপন কৰিব পৰা গৈছিল। ইয়াৰ পিচৰে পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰে। ইয়াৰ পিচত বিমানখন কার্বি আংলং জিলাৰ চকীহোলা থানাৰ অন্তৰ্গত ৰাংশ্লাং এলেকাত দুর্ঘটনাগ্রস্ত হোৱাৰ তথ্য বায়ুসেনাই লাভ কৰে। এই খবৰ পোৱাৰ পিচতে অতি দুর্গম এই অঞ্চলটোত স্থানীয় প্রশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। যাতায়াতৰ বিশেষ অসুবিধা,দুৰ্গম পাহাৰীয়া অঞ্ছল হোৱাৰ বাবে প্ৰকৃত তথ্য লাভ কৰা নাই।
Like this:
Like Loading...