সমাগত বিধানসভা নিৰ্বাচনৰ আসন ভাগবতৰাক লৈ সংঘাত অব্যাহত আছে বিপিএফ বিজেপিৰ । বিটিচিৰ ভেৰগাঁও বিধান সভা সমষ্টিক লৈ টনাআজোৰা দুই দলৰ কৰ্মীৰ। বিজেপি দলৰ সবল ভেটি থকা ভেৰগাঁও সমষ্টি কোনো কাৰনতে বিপিএফক এৰি দিব বিছৰা নাই বিজেপিৰ কৰ্মী সকলে ৷ মিত্ৰতাৰ ধৰ্ম পালন কৰি বিটিচিৰ ভেৰগাঁও সমষ্টি বিপিএফ এৰি দিয়াৰ কথা। বিগত পাঁচ বছৰে সমষ্টিতো বিজেপিৰ দখলত আছিল । পূৰ্বৰ পানেৰি সমষ্টি বিজেপিৰ বিশ্বজিৎ দৈমাৰীৰ দখলত আছিল। সমষ্টি পুনৰ নিদ্ধাৰণৰ পাছত গঠন হোৱা ভেৰগাঁও সমষ্টিত বিজেপিৰ শক্তিশালী ভেটি থকাৰ পাছতো বিপিএফক এৰি দিব বুলি চৰ্চা চলাত শংকিত হৈ পৰিছে বিজেপিৰ তৃণমূল কৰ্মী সকল৷ আজি ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ভেৰগাঁও , ননৈ চেৰফাং আৰু খৈৰাবাৰী মণ্ডল বিজেপিৰ কেইবা শতাধিক নেতা কৰ্মী একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কৰ্মী সকলে কোনো কাৰনতে ভেৰগাঁও সমষ্টি বিপিএফক এৰি নিদিবলৈ নেতৃত্বক দাৱী জনাই । সৱল দলীয় ভেঁটি থকাৰ পাছতো সমষ্টিতো বিপিএফক এৰি দিলে বিজেপিৰ অস্তিত্বলৈ ভাবুকি আহিব বুলি শংকা প্ৰকাশ কৰে তেওঁলোকে। হাতে হাতে বিজেপিৰ পতাকা লৈ কৰ্মী সকলে ভেৰগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.