...

ডাইনীৰ সন্দেহত চোচৰাই নি বুঢ়ীদিহিঙৰ বুকুত দলিয়াই দিলে মহিলাক

Spread the love

ডিব্ৰুগড়ৰ ঘোৰামৰাত অন্ধবিশ্বাসৰ ভয়াৱহ প্ৰভাৱ

ডাইনীৰ সন্দেহত চোচৰাই নি বুঢ়ীদিহিঙৰ বুকুত দলিয়াই দিলে মহিলাক

নদীৰ বুকুৰ পৰা মুমূৰ্ষু অবস্থাত উদ্ধাৰ মহিলা

২৫ জনীয়া দলৰ অমানুষিক অত্যাচাৰঃআৰক্ষীৰ তদন্ত

গ্ৰেপ্তাৰ হোৱা নাই জৰিত কোনো ব্যক্তি

চাইন অন ডেক্স,১১মাৰ্চঃ এফালে সভ্যতাৰ জোৱাৰ,আনহাতেদি বিজ্ঞানক ভেঙুচালি।
একবিংশ শতিকাৰ বিজ্ঞান-সভ্যতাৰ ধামখুমীয়াতো এগৰাকী মহিলা অন্ধবিশ্বাসৰ বলি হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।
ডিব্ৰুগড়ৰ অতি ভিতৰুৱা অঞ্চল ৰমাই চাহ বাগিচাৰ ১ ন‌ং ৰাজগড়ত সংঘটিত হোৱা এক শিহৰণকাৰী ঘটনাই কেবল চাঞ্চল্যৰ সৃষ্টি কৰাই নহয় সকলোৰে চকু কপালত তুলিছে।ডাইনীৰ সন্দেহত এগৰাকী মহিলাক চোঁচৰাই চোঁচৰাই টানি নি অকথ্য শাৰিৰীক নিৰ্যাতন চলাই বুঢ়ীদিহিঙৰ বুকুত পেলাই দিলে চুনু চাংগা নামৰ ব্যক্তিজনৰ পত্নী মনিকা চাংগাক।ঘটনাৰ বিষয়ে জানিব পাৰি
ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে।জানিব পৰামতে, ১ নং ৰাজগড়ৰ চুনু চাংগা নামৰ ব্যক্তিজনৰ পৰিয়ালৰ ওপৰত ডাইনীৰ সন্দেহত দীৰ্ঘদিনৰ পৰা শাৰিৰীক অত্যাচাৰ চলাই অহাৰ অভিযোগ উঠিছে।কালি পুৱাই গাঁওখনৰ ২৫ জনীয়া এটা দল আহি চুনু চাংগাৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে শাৰিৰীকভাৱে প্ৰহাৰ কৰে। ইয়াৰ পাছতে চুনু চাংগাৰ পত্নী মনিকা চাংগাক মাৰপিট কৰি চোচৰাই নি বুঢ়ীদিহিঙৰ বুকুত পেলাই থৈ যায়‌। ইফালে ঘটনাৰ লগে লগে পৰিয়ালৰ লোকে ঘোৰামৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বুঢ়ীদিহিঙৰ পৰা নাৱেৰে মনিকা চাংগাক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে আৰক্ষীয়ে মনিকা চাংগাক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰে। ইফালে ঘটনাস্থলীত ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি তদাৰক কৰি ঘটনাৰ বুজ লয়।আনহাতে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ স্বামী চুনু চাংগাৰে বৰ্তমানলৈকে কোনোধৰণৰ এজাহাৰ দাখিল কৰা নাই যদিও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।আজিৰ একবিংশ শতিকাতো অন্ধবিশ্বাসৰ কৱলত পৰি সংঘটিত হোৱা এই ঘটনাই সভ্য সমাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।আনহাতে এই ঘটনাত জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰতম শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অঞ্চলটোত ডাইনী নামৰ ব্যাধিৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰিবলৈ জিলা প্ৰশাসনক সচেতন মহলে দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *