চাহ জনগোষ্ঠীক জনজাতিকৰণ নিদিলে ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বিজেপি
ডিব্ৰুগড়ত আটছাৰ সংবাদমেল
চাইন অন ডেস্ক:
নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীক লাগে জনজাতিকৰণৰ মৰ্যাদা। চাহ জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি ভূমি পট্টা, দৈনিক মজুৰী আদি সমস্যাসমূহক লৈ সৰৱ হৈ পৰিল অসম চাহ জনজাতি ছাত্র সন্থা।সোমবাৰে ডিব্ৰুগড় লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য সভা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি আটছাৰ কেন্দ্ৰীয় উপ-সভাপতি লাজাৰ নন্দই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। আটছাৰ কেন্দ্ৰীয় নেতা লাজাই নন্দই ক্ষোভ প্ৰকাশ কৰি কয়, বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক চৰম উপেক্ষা কৰিছে।
জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰে জনজাতিকৰণৰ বিষয়টো গুৰুত্বহীন কৰিলে। শেহতীয়াকৈ চৰকাৰে ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত লৈছে যদিও মালিকপক্ষই বিৰোধিতা কৰি চৰকাৰক আহ্বান জনাইছে। একেদৰে দীৰ্ঘদিনৰ পৰা চাহ শ্ৰমিকৰ মজুৰী ৫০০ টকালৈ বৃদ্ধিৰ দাবী জনাই অহাৰ পাছতো নিৰ্বাচনৰ প্ৰাকক্ষণত ৩০ টকালৈ বৃদ্ধি কৰি চাহ জনগোষ্ঠীক চৰম অপমান কৰিছে। আটছাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক লক্ষীন্দৰ কুৰ্মীয়ে কয়, চাহ জনগোষ্ঠীক বাদ দি বিজেপিয়ে চৰকাৰ গঠন কৰাৰ শক্তি নাই। জনজাতিকৰণক লৈ ঘৃণনীয় ৰাজনীতি কৰিছে। এই ৰাজনীতি পৰিত্যাগ কৰি জনজাতিকৰণৰ মৰ্যাদা দিয়ক। অন্যথা কংগ্ৰেছৰ দৰে বিজেপিকো শাসনৰ পৰা ওফৰাই দিম। কংগ্ৰেছৰ দিনত ডিব্ৰুগড় জিলাত চাবুৱা, লাহোৱাল, মৰান, টিংখাং আদি সমষ্টিত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী আছিল। কিন্তু বিজেপিৰ দিনত এজন চাহ জনগোষ্ঠী প্ৰতিনিধি দিছে। কংগ্ৰেছে চাহ জনগোষ্ঠীক ইমানখিনি দিয়াৰ পাছতো শাসনৰ পৰা ওফৰাই বিজেপিক জিকাইছো। ইফালে ডিব্ৰুগড় জিলাৰ ৬ টা সমষ্টিতে চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা লয়। কিন্তু ৰাজনৈতিকভাৱে চাহ জনগোষ্ঠীক উপেক্ষা কৰাৰ ষড়যন্ত্ৰ কৰিছে। বিজেপিয়ে আটছাৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনালে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি সঁকিয়নী প্ৰদান কৰে। আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘে কয়, আটছাই জন্মলগ্নৰে পৰা জনজাতিকৰণ, মাটিৰ পট্টা, দৈনিক মজুৰী আদি বিষয়টোক দাবী জনাই আহিছোঁ। কিন্তু এজন চাহ জনগোষ্ঠীৰ বিধায়কৰ বাদে আন বিধায়কসকল চাহ জনগোষ্ঠীৰ জ্বলন্ত সমস্যাক লৈ নীৰৱ। চৰকাৰে সদিচ্ছা প্ৰকাশ কৰাৰ পাছতো মাটিৰ পট্টা দিব নালাগে বুলি মালিক পক্ষই আহ্বান জনাইছে। জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ। আমি কাৰোবাৰ পৰিয়ালৰ পৰা বিচৰা নাই। এয়া আমাৰ অধিকাৰ। আমাক জনজাতিকৰণ দিবই লাগিব। মাটিৰ পট্টা যিকোনো বিনিময়ত দিব লাগিব। একাংশ চাহ বাগিচা মালিক পক্ষই বিৰোধিতা কৰিছে মাটিৰ পট্টা দিয়াত। মুখ্যমন্ত্ৰীৰ কাম কাজক লৈ আমাৰ সম্পূৰ্ণ চকু থাকিব। জনগোষ্ঠীটোক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ বাদে আন একো কৰা নাই। সেয়া আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আগতে টিংখাং, মৰান, চাবুৱা, লাহোৱাল আমাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী আছিল। কংগ্ৰেছে ইমানখিনি দিয়াৰ পাছতো আমি বিজেপিক আকোৱালি লৈছিলোঁ। চাহ জনগোষ্ঠীক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। এখন জিলাত এজন জনপ্ৰতিনিধিয়ে কেতিয়াও কাম কৰিব নোৱাৰে। সৰ্বানন্দ সোণোৱালে চাহ জনগোষ্ঠীৰ বাবে একো কৰিব নোৱাৰিলে বুলিও ক্ষোভ উজাৰে। আনহাতে সংবাদমেলত আটছাৰ জিলা সম্পাদক চনু উৰাঙৰ লগতে ভালেসংখ্যক আটছাৰ জিলা আৰু কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।
