গুজৰাটত ‘এ পি এল’ ৰ অধ্যক্ষৰ প্ৰস্তাৱিত ই-মিথানল প্ৰকল্পৰ ভূমি পৰিদৰ্শন
চাইন অন ডেস্ক:
অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ ৰাসায়নিক উদ্যোগৰূপে পৰিগণিত অসম পেট্ৰ-কেমিকেলচ লিমিটেড চমুকৈ ‘এ পি এল’ আৰু গুজৰাটৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণ (ডি পি এ)ৰ যৌথ প্ৰচেষ্টাত সাগৰৰ তীৰ কান্দলা বন্দৰত স্থাপন কৰিবলৈ লোৱা প্ৰস্তাৱিত দৈনিক ১৫০ টন উৎপাদনক্ষম ই-মিথানল প্ৰকল্পটোৰ প্ৰাৰম্ভিক কামবোৰ দ্ৰুত গতিত আগবাঢিছে বুলি জানিবলৈ দিছে ‘এ পি এল’ৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই ৷ অধ্যক্ষ গৰাকীয়ে জনোৱামতে ১২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটোৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল বন্দৰ জাহাজ প্ৰাধিকৰণে ১৫০ একৰ ভূমি আৱন্টন দিছে। যোৱা ২২ ফেব্ৰুৱাৰীত ডি পি এ ৰ অধ্যক্ষ সুশীল সিঙৰ নেতৃত্বত ‘এ পি এল’ ৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এটি তিনিজনীয়া উৰ্ধ্বতন কৰ্তৃপক্ষৰ এটি দলে আৱন্টিত ভূমি পৰিদৰ্শন কৰাৰ লগতে প্ৰস্তাৱিত প্ৰকল্পটোৰ এখনি ফলক স্থাপন কৰে ৷ নিশ্চিতভাৱে এই কাৰ্যই ‘এ পি এল’ ৰ ইতিহাসত এক মাইলৰ খুঁটি
ৰূপে বিবেচিত হৈ ৰ’ব আৰু অসম আৰু অসমীয়াৰ স্বভিমানৰ স্বাক্ষৰ বহন কৰিব।প্ৰণিধানযোগ্য যে যোৱা ২৯ জানুৱাৰীত ‘এ পি এল’ আৰু ডি পি এ ৰ মাজত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড়স্থিত সচিবালয়ত দুয়ো পক্ষৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল ৷ এ পি এলৰ হৈ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা আৰু ডি পি এ ৰ হৈ অধ্যক্ষ সুশীল সিঙে স্বাক্ষৰ কৰা এই ই-মিথানল প্ৰকল্পটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ৩,৫০০ নিবনুৱাই কৰ্ম সংস্থাপন লাভ কৰিব৷ উল্লেখযোগ্য যে অসমৰ প্ৰায় ৯৯ শতাংশ থলুৱা বিষয়া কৰ্মচাৰীৰ নিষ্ঠা আৰু দক্ষতাৰ চানেকী স্বৰূপ অসম পেট্ৰ-কেমিকেলচ লিমিটেডে গুজৰাটৰ দৰে এখন বহিঃৰাজ্যত নতুন প্ৰযুক্তি কৌশলৰ আৰ্হিত এক যুগান্তকাৰী প্ৰকল্প সম্প্ৰসাৰণ কৰিব পৰাটো ৰাজ্যখনৰ বাবে অতি গৌৰৱৰ কথা ৷এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ একান্ত প্ৰচেষ্টা আৰু সদ্দিচ্ছা ‘এ পি এল’ তথা ৰাজ্যবাসীৰ বাবে আন্তৰিক আশীৰ্বাদ স্বৰূপ ৷ অন্যহাতে এইক্ষেত্ৰত দীনদয়াল কান্দলা বন্দৰ প্ৰাধিকৰণে দেখুওৱা আগ্ৰহো অতুলনীয়৷ উক্ত প্ৰেক্ষাপটলৈ লক্ষ্য কৰি এই প্ৰস্তাৱিত প্ৰকল্পটো নিদিষ্ট সময়ৰ আগতেই সম্পূৰ্ণ হৈ উঠিব আৰু বিশ্বৰ ৰাসায়নিক বজাৰত অতি সোনকালেই উৎপাদিত সামগ্ৰী প্ৰবহন কৰি নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ৷ ‘এ পি এল’ ৰ দীৰ্ঘ যাত্ৰাত এই ই-মিথানল প্ৰকল্পটোৱে অন্য এক মাত্ৰা প্ৰদান কৰিছে ৷ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এনে ইতিবাচক পদক্ষেপে ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰখনলৈও এক আমূল পৰিবৰ্তন কঢ়িয়াই আনি ৰাজ্যৰ অৰ্থনৈতিক ভেটি সবল কৰি তুলিব বুলিও আশা কৰা হৈছে ৷ তদুপৰি এই ই-মিথানলৰ নতুন প্ৰকল্প সম্প্ৰসাৰণ কাৰ্য ‘এ পি এল’ ৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ’ব ৷ অহা মাৰ্চ মাহতে প্ৰকল্পটোৰ আধাৰশিলাও স্থাপনৰ বাবে সাজু হোৱা বুলি ‘এ পি এল’ৰ অধ্যক্ষ গৰাকীয়ে সদৰি কৰে। উল্লেখ্য যে, অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই এই প্ৰকল্প থলী পৰিদৰ্শনৰ সময়ত এ পি এলৰ পৰিচালন স়ঞ্চালক ৰাজনীশ গগৈ আৰু বিত্ত সঞ্চালক প্ৰমোদ কুমাৰ প্ৰসাদ উপস্থিত থাকে ৷